হোজাই, 18 নৱেম্বৰ : হোজাই জিলাৰ লামডিং বনাঞ্চলৰ পৰা বৃহস্পতিবাৰে হোজাই আৰক্ষীয়ে দুই ভূ-মাফিয়াক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন ভূ-মাফিয়া দুটা আফজল আৰু আবুল হুছেইন বুলি জানিব পৰা গৈছে । দুয়োকে হোজাই জিলাৰ নখুটি অঞ্চলত পৰা আটক কৰে আৰক্ষীয়ে ।
![Two held for settling people on Lumding forest land](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-02-18nov-lumding-forest-photo-10015_18112021144533_1811f_1637226933_17.jpg)
উল্লেখ্য যে, হোজাই জিলাৰ লামডিং বনাঞ্চলৰ পৰা 16 নৱেম্বৰ হোজাই জিলা আৰক্ষীয়ে নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইন নামৰ দুটা ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ নজৰুলে ধনৰ বিনিময়ত লামডিং বনাঞ্চলৰ চৰকাৰী ভূমি একাংশ লোকক সংস্থাপিত কৰিছিল ৷ নজৰুল লগত আৰু কেইবাজনো জড়িত থকাৰ সম্ভেদ পাইছিল হোজাই আৰক্ষীয়ে ।
![Two held for settling people on Lumding forest land](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13668476_723_13668476_1637242681032.png)
লামডিং বনাঞ্চলত উচ্ছেদৰ সময়ত পোহৰলৈ আহিছিল ইয়াৰ আঁৰত জড়িত থকা আন একাংশৰ নাম । ইয়াৰ ওপৰত ভিত্তি কৰি হোজাই জিলা আৰক্ষীয়ে আফজল আৰু আবুল হুছেইনক আটক কৰে । বৰ্তমান দুয়োকে ৰখা হৈছে নখুটি আৰক্ষী থানাত ।
লগতে পঢ়ক : encroachment of forest land : লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল-আনোৱাৰক গ্ৰেপ্তাৰ