হোজাই, 21 অক্টোবৰ : আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত দুই ভুৱা আৰক্ষীক আটক কৰিছে লামডিং আৰক্ষীয়ে ৷ দীৰ্ঘদিনে এই দুই অভিযুক্তই লামডিং আৰক্ষীৰ নামত সংগ্ৰহ কৰি আহিছিল ধন ৷ আটকাধীন লোক কেইজন ক্ৰমে, ৰাকেশ দে উৰফে বান্টি আৰু বিজয় কুমাৰ দে উৰফে ফুলু ৷
লামডিঙৰ সাৱিত্ৰী বৰ্মণ নামৰ এগৰাকী বিধৱা মহিলাৰ অভিযোগৰ ভিত্তিত ধৃত লোক কেইজনক আটক কৰে আৰক্ষীয়ে ৷ ঘটনা অনুসৰি, এই লোক দুজনে সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই লামডিং থানাৰ নামত ধন সংগ্ৰহ কৰি আহিছিল ৷ থিক সেইদৰে হোটেলৰ ব্যৱসায় কৰা সাৱিত্ৰী বৰ্মণ নামৰ বিধৱা মহিলা গৰাকীৰ পৰা লোক কেইজনে দাবী কৰিছিল ধন ৷
ইয়াৰ পাচতে লামডিং আৰক্ষীক লোক দুজনৰ বিৰুদ্ধে এক লিখিত অভিযোগ দাখিল কৰে মহিলাগৰাকীয়ে ৷ লামডিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুত কুমাৰে জানিবলৈ দিয়া মতে, ধন দাবীয়ে নহয়, এই লোক দুজন ড্ৰাগছ সৰবাৰহৰ অভিযোগতো অভিযুক্ত ৷ বৰ্তমান বান্টি আৰু ফুলুক জেৰা অব্যাহত ৰাখিছে লামডিং আৰক্ষীয়ে ৷
লগতে পঢ়ক: উজনিত কংগ্ৰেছ শূন্য; কয়লা ছিণ্ডিকেট চলাবলৈ বিজেপিত যোগ দিলে ৰূপজ্যোতিয়ে