ETV Bharat / state

খাদ্যত বিষক্ৰিয়া হৈ দুটি সহোদৰৰ অকাল মৃত্যু

author img

By

Published : Mar 19, 2021, 1:54 PM IST

হোজাই জিলাৰ লংকাৰ লংকাপট্টি 1নং ৱাৰ্ডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । একেটা পৰিয়ালৰ কিশোৰ ককাই-ভাইৰ অকাল মৃত্যু ।

খাদ্যত বিষক্ৰিয়া হৈ দুটি সহোদৰৰ অকাল মৃত্যু
খাদ্যত বিষক্ৰিয়া হৈ দুটি সহোদৰৰ অকাল মৃত্যু

হোজাই, 19মাৰ্চ: শুকুৰবাৰে খাদ্যৰ বিষক্ৰিয়া হৈ হোজাই জিলাৰ লংকাৰ লংকাপট্টি এক নং ৱাৰ্ডত দুটি সহোদৰৰ অকাল মৃত্যু ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিশা খোৱা কেঁচা বুটৰ পৰা বিষক্ৰিয়া হৈ কিশোৰ দুটাৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।

খাদ্যৰ বিষক্ৰিয়া হৈ নিহত কিশোৰ দুটি হৈছে ৪ বছৰীয়া অদিপ কৰ আৰু ১১ বছৰীয়া অৰ্ণৱ কৰ ৷ আনহাতে মৃত কিশোৰ দুটিৰ পিতৃ মলয় কৰ অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে নগাঁৱত ৷

উল্লেখ্য যে, মৃত কিশোৰ দুটিৰ বৰদেউতাকৰ ১০ দিন পূৰ্বে মৃত্যু হয় । বৰদেউতাৰ শ্ৰাদ্ধৰ বাবে ঘৰ খনত চলি আছিল কিছু কাম-কাজ । তেনে সময়তে পুনৰ শিশু দুটি খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ ঘটনাক লৈ ঘৰ খনত এতিয়া কান্দোনৰ ৰোল বৈছে ৷

লগতে পঢ়ক: নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাওবৈচা সমষ্টিত কংগ্ৰেছ দলত মোক্ষম আঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.