ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 5, 2022, 9:02 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি

শিৱসাগৰত পুণৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ: আটক-2

শিৱসাগৰ আৰক্ষীৰ জালত দুই হানি ট্ৰেপাৰ-দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাস। পলাতক হৈ আছে চাবিনা বেগম আৰু ৰুবুল আলি ৷ এজন যুৱকৰ অশ্লীল ভিডিঅ’ বনাই ধন সৰকাইছিল চক্ৰটোৱে ।

ৰাজ্যত প্রাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ খালী হৈ আছে হাজাৰ হাজাৰ পদ

ৰাজ্যৰ শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ । ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত অধ্যাপকৰ ৩১৯ টা পদ আৰু কর্মচাৰীৰ ৯৭৭ টা পদ খালী হৈ আছে । ৰাজ্যৰ কলেজসমূহত ৯৩৫ টা অধ্যাপক পদ, ২৩ টা গ্ৰন্থাগাৰিক আৰু ৯৫৬ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে । প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ২৪৪২ টা বিষয় শিক্ষকৰ পদ, ৬৯১৮ টা সহকাৰী শিক্ষকৰ, ১১৫৬ টা কনিষ্ঠ সহায়ক আৰু ২৮০৬ টা চতুর্থবৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ থকাৰ বিপৰীতে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ২৭৫৮টা আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৭২৪২ টা শিক্ষকৰ পদ খালী হৈ আছে ।

চেলফিয়ে হ’ল কাল: ট্ৰাকৰ খুন্দাত আহত শিশুসহ 5গৰাকী লোক

বঙাইগাঁও জিলাৰ যোগীঘোপাত নৰনাৰায়ণ সেতুৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দলঙৰ ওপৰত ৰৈ থকা বাহনত এখন ট্ৰাকে খুন্দিওৱাৰ ফলত শিশু সহ ৫ জনকৈ লোক গুৰুতৰ ভাবে আহত হৈছে ৷ আহত সকলক সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ ৷

North East Festival: গুৱাহাটীত নষ্ট-ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতি

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অংশগ্ৰহণ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাষ্ট্ৰপতিগৰাকী ৷ উত্তৰ-পূৰ্বাঞ্চল দেশৰ ভিতৰতে সমৃদ্ধিশালী অঞ্চল হিচাপে গঢ়ি উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

কলগাছিয়াত জুৱা খেলক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট

জুৱা খেলক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ এই মাৰপিটৰ ফলত কেইবাজনো লোক আহত হয় ৷ যাৰ ফলত অঞ্চলটোত এক অপ্ৰীতিকৰ পৰিস্থিতি়ৰ সৃষ্টি হয় ৷

অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় চলাই বিপদত পৰিল ডমিন'জ আৰু কে এফ চি

প্ৰশাসনৰ অভিযান চলিল একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ আইন অমান্য কৰি ব্যৱসায় চলাই নিয়াৰ অভিযোগত অস্থায়ীভাৱে তলা ওলমোৱা হ’ল ‘ডমিন'জ’ আৰু ‘কে এফ চি’ নামৰ দুখনকৈ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক প্ৰতিষ্ঠানত ৷

ঠেলাত চিকিৎসালয়লৈ আনিলে গৰ্ভৱতী মহিলাক

বিভিন্ন সমস্যাৰে জৰ্জৰিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ডলামৰাৰ ১৭ নং ছচেংধেন্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগৰা অঞ্চল ৷ শীঘ্ৰেই সমস্য়া সমাধানৰ দাবী অঞ্চলটোৰ স্থানীয় ৰাইজৰ ৷

আগন্তুক কৃষি ঋতুত ভয়াৱহ খৰাং পৰিস্থিতিৰ আশংকা, মৌনব্ৰতত কৃষি বিভাগ

বাৰিষা আৰম্ভ নৌহওঁতেই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা বতৰৰ লক্ষ্যনীয় পৰিৱৰ্তনে ইয়াৰ কৃষক সমাজক সংকটৰ মাজলৈ ঠেলি দিছে । আগতীয়া নেৰানেপেৰা বৰষুণে ৰাজ্যৰ কেইবাখনো জিলাৰ পথাৰত সৃষ্টি কৰা আবতৰীয়া বানৰ পিছৰ পৰ্যায়ত কৃষিকৰ্মৰ মূল সময়ত খৰাং পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা কৰা হৈছে ।

Assam Fertilizer scam: সাৰ বিতৰণত মধ্যভোগীৰ বিলুপ্তিৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সু-শৃংখল কৰাৰ সন্দৰ্ভত উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্ৰীৰ । খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । প্ৰণালীবদ্ধ সাৰ বিতৰণৰ বাবে এক মানক সঞ্চালন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ নিৰ্দেশনা ।

শশাংকজ্যোতি ডেকাৰ দলত্যাগ সন্দৰ্ভত বিজেপিৰ সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ লগে লগে বিজেপিত আৰম্ভ ক্ষোভৰ জুই ৷ মেয়ৰৰ পদ নাপাই ক্ষুব্ধ হৈ শশাংকজ্যোতি ডেকাই দলত্যাগ কৰাৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.