ETV Bharat / state

হোজাইত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে মুকলি দৃষ্টি পৰ্টেল

author img

By

Published : Nov 4, 2021, 6:24 PM IST

চৰকাৰী কাৰ্যালয়সমূহ দালালমুক্ত কৰাৰ লগতে জনসাধাৰণৰ সুবিধাৰ্থে তেওঁলোকৰ অভাৱ অভিযোগসমূহ ঘৰতে সমাধান কৰাৰ বাবে বৰ্তমান চৰকাৰে অনলাইন ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰে অংশহিচাপে বৃহস্পতিবাৰে হোজাই জিলাত জিলা প্ৰশাসনৰ উদ্যোগত দৃষ্টি শীৰ্ষক এক পৰ্টেল মুকলি কৰা হয় ।

Hojai district administration Open Dristi Portal
হোজাইত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে মুকলি দৃষ্টি পৰ্টেল

হোজাই, 4 নৱেম্বৰ : হোজাই জিলাত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত দৃষ্টি শীৰ্ষক এক পৰ্টেল মুকলি কৰা হয় । এই পৰ্টেলৰ জৰিয়তে এতিয়াৰে পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰত বহিয়েই হোজাই জিলাবাসীয়ে সহজে বিভিন্ন অভিযোগ দাখিল কৰিব পাৰিব ৷ জনতাৰ এই অভিযোগসমূহ এই পৰ্টেলৰ জৰিয়তে প্ৰশাসনৰ লোকে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰিব ৷

জনতাৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধানৰ উদ্দেশ্যৰে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ । হোজাই জিলা প্ৰশাসনৰ উদ্যোগত মুকলি কৰা 'দৃষ্টি' নামৰ ৱেব পৰ্টেলটো dristihojai.in লিংকত গৈ অভিযোগ দাখিল কৰাৰ লগতে এই অভিযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হ’বলৈ সক্ষম হ’ব । ৱেব পৰ্টেলটো বৰ্তমান পৰীক্ষামূলক প্ৰকল্প হিচাপে উদালী উন্নয়ন খণ্ডৰ বাবে প্ৰযোজ্য হোৱাকৈ বিকশিত কৰি মুকলি কৰা হৈছে ।

পৰ্যায়ক্ৰমে এই পৰ্টেলটো আন আন বিভাগলৈ সম্প্ৰসাৰণ কৰা হ’ব । উদালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, উদালী খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে পৰ্টেলটো আনুষ্ঠানিকভাবে মুকলি কৰে । হোজাই প্ৰশাসনে জন অভিযোগ নিষ্পতিকৰণৰ বাবে দৃষ্টি পৰ্টেল ৰাইজৰ বাবে মুকলি কৰা কাৰ্যক আদৰণি জনাই লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ।

লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.