ETV Bharat / state

হোজাই জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত চুৰি কাণ্ড - হোজাই জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত চুৰি কাণ্ড

হোজাইত অঘটন । জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত সংঘটিত হ’ল চুৰিকাণ্ড (Theft at Hojai district transport officer office) । চোৰে খুলি লৈ গ'ল পৰিবহন বিভাগে জব্দ কৰি অনা বাহনৰ বিভিন্ন সামগ্ৰী (Many items of seized vehicles stolen) । ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ হোজাইৰ জিলা পৰিবহন বিভাগৰ ।

theft at hojai dto office
Hojai theft: হোজাইৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সংঘটিত চুৰি কাণ্ডৰ ঘটনা
author img

By

Published : Jul 17, 2022, 8:25 AM IST

হোজাই,১৭ জুলাই : হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়তে সংঘটিত হৈছে এক চুৰিকাণ্ড(Theft at Hojai district transport officer office) । চোৰে খুলি নিলে জব্দকৃত বাহনৰ বহু সা-সামগ্ৰী । ইয়াৰ পাছতেই ভুক্তভোগীৰ মাজত লাগিল হাহাকাৰ ।

কিছুদিন পূৰ্বে হোজাই জিলা পৰিবহন বিভাগে জব্দ কৰিছিল AS 02 BC 4812 নম্বৰৰ এখন বাহন (Car seized by Hojai district transport department) । জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়তে ৰখা হৈছিল জব্দকৃত বাহনখন । পিছে বাহনৰ গৰাকীয়ে গাড়ীখন নিবলৈ অহাত লাগিল হাহাকাৰ । বাহনখনৰ গৰাকীয়ে জৰিমণা আদায় দি বাহনখন নিবলৈ লওতেই লাগিল কেনা । কিয়নো বাহনখনৰ বেটাৰীকে আদি কৰি আন বহু সামগ্ৰী ইতিমধ্যে চোৰে লৈ উধাও হোৱাৰ কথা ধৰা পৰে ।

হোজাই জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত চুৰি কাণ্ড

পিছে এই সন্দৰ্ভত সম্পূৰ্ণৰূপে অজ্ঞতা প্ৰকাশ কৰে হোজাইৰ জিলা পৰিবহন বিভাগে । আনহাতে হোজাইৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত চুৰিকাণ্ড সংঘটিত হোৱা এইটোৱেই প্ৰথম অভিযোগ নহয় । ইয়াৰ পূৰ্বেও কাৰ্যালয়টোত সংঘটিত হৈছিল বহুকেইটা চুৰিকাণ্ড ।

বিভাগটোৰ হেমাহিৰ বাবেই বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিভাগে নথি-পত্ৰ নথকা গাড়ীসমূহ জব্দ কৰি আনি থৈ দিয়েই দায়িত্ব সামৰি থোৱাৰো অভিযোগ বহু পুৰণি । ফলত দুষ্ট চক্ৰই সুবিধা লৈ বাৰে বাৰে চুৰিকাৰ্য সংঘটিত কৰিবলৈ সুযোগ লাভ কৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক: কামালৰ কামাল: কাৰাগাৰৰ পৰা ওলাই আহিয়েই ঘৰতে চলালে ড্ৰাগছৰ বেহা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.