ETV Bharat / state

শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে প্রধান শিক্ষকৰ বাসগৃহ - প্রধান শিক্ষকৰ বাসগৃহ ঘেৰাও

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ হোজাইৰ গান্ধী বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত দেখা অসন্তুষ্টিৰ ফলস্বৰূপে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আলোক কুমাৰ গুপ্তাৰ লালপটিস্থিত বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

student-protest-at-head-teachers-residence-etv-bharat-assam-news
শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে প্রধান শিক্ষকৰ বাসগৃহ
author img

By

Published : Aug 12, 2021, 2:19 PM IST

হোজাই, 12 আগষ্ট : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বৰ্তমানেও অসন্তুষ্ট বহু শিক্ষাৰ্থী ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ হোজাইৰ গান্ধী বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত দেখা অসন্তুষ্টিৰ ফলস্বৰূপে মঙলবাৰে সন্ধিয়া একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আলোক কুমাৰ গুপ্তাৰ লালপটিস্থিত বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অৱশ্যে নিশা 9 মান বজাত কার্যবাহী দণ্ডাধীশ উপস্থিত হৈ এই প্ৰতিবাদ বেআইনী বুলি ঘোষণা কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক খেদি পঠিয়াই পৰিস্থিতি শান্ত কৰে ।

শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে প্রধান শিক্ষকৰ বাসগৃহ

উল্লেখযোগ্য যে, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ হোজাইৰ গান্ধী বিদ্যাপীঠ বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে ফলাফল ঘোষণা কৰা দিনৰ পৰা কেইবাদিনো ধৰি প্ৰধান শিক্ষকৰ গাফিলতিৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ যোৱা 31 জুলাইত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত প্ৰধান শিক্ষক আলোক কুমাৰ গুপ্তাই অনুত্তীর্ণ ছাত্ৰ-ছাত্ৰী সকলৰ নম্বৰসমূহ 14 দিনৰ ভিতৰতে পুনৰ পৰীক্ষা কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে । এই বাবে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে যদিও প্ৰধান শিক্ষকগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে সন্ধিয়া প্ৰধান শিক্ষক গৰাকীৰ লালপট্টিস্থিত বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ 78 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও তাৰ মাজৰ 15 গৰাকী ছাত্ৰ-ছাত্ৰীহে উত্তীর্ণ হৈছে। ইপিনে প্ৰতিবাদ বেআইনী ঘোষণা কৰাৰ পিচত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক খেদি পঠিওৱাৰ সময়ত এগৰাকী প্ৰতিবাদী ছাত্ৰী অসুস্থ হৈ পৰাত আৰক্ষীয়ে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷

student protest at head teachers residence etv bharat assam news

উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ'লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে ফলাফল ৷ ফলাফলৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক:কি কি সিদ্ধান্ত ল’লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ত্ৰয়োদশ কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.