নগাঁও,15 জানুৱাৰী : প্ৰায়ে বিতৰ্কৰ আৱৰ্তত সোমাই থকা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক পহুখেদা ৷ সত্যৰঞ্জন বৰাৰ গৃহ জিলা হোজাইৰ লস্কৰ পথাৰত শুকুৰবাৰে একাংশ উত্তেজিত লোকে পহুখেদা দিয়ে সত্যৰঞ্জন বৰাক ৷ হোজাইৰ লংকাস্থিত সত্যৰঞ্জন বৰাৰ বাসগৃহৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা ৷
শুকুৰবাৰে জুম্মাৰ নামাজৰ পিছত লস্কৰপথাৰত উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰিব বিচাৰিছিল সত্যৰঞ্জন বৰাই ৷ উক্ত সময়তেই একাংশ উত্তেজিত লোকে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি সত্যৰঞ্জন বৰাক পহুখেদা দিয়ে ৷ আনহাতে ঘটনাস্থলীত উপস্থিত থকা আন একাংশ স্থানীয় লোকে সত্যৰঞ্জন বৰাক আক্ৰমণৰ পৰা ৰক্ষা কৰি উক্ত স্থানৰ পৰা আঁতৰাই পঠিয়ায় ৷
লগতে পঢ়ক: লাইকা দধিয়াবাসীৰ কাষত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি