হোজাই, 3 জুলাইঃ 25 জুনত ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত স্থান লাভ কৰিবলৈ সক্ষম হয় হোজাইৰ চাইমাই ৷ মৰিয়ম আজমল আৰ্টচ কলেজৰ পৰা কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছিল চাইমাই ৷ ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এই কৃতিত্বৰ বাবে চাইমাক অনুপ্ৰেৰণা যোগাইছিল তেওঁৰ ককাক আব্দুল গনিয়ে ৷
ডুবাইত থকা চাইমাই ককাকৰ কথা মতে অসমলৈ আহিছিল আৰু শিক্ষা জীৱন আৰম্ভ কৰিছিল ৷ অৱশেষত ককাকৰ সপোন সঁচা কৰি 25 জুনত ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷
কিন্তু পৰিতাপৰ বিষয় যে নাতিনীৰ এই সফলতা চাবলৈ আজি ইহ সংসাৰত নাই চাইমাৰ ককাক আব্দুল গনি ৷ সেয়ে চাইমাই ককাকৰ উপস্থিতি বৰকৈ অনুভৱ কৰে বুলি জানিবলৈ দিয়ে ৷ চাইমাৰ সফলতাৰ বাতৰি পোৱাৰ আগতেই ইহসংসাৰৰ পৰা বিদায় লয় চাইমাৰ ককাকে ৷