ETV Bharat / state

চুৰিকাণ্ডঃ হোজাইত সৰৱ সচেতন মহল

চুৰিকাণ্ড সংঘটিত হোৱাৰ নিশা কিয় CCTV বিকল হৈ আছিল কিয় লগতে নৈশ পহৰা দাৰ কত আছিল আদি বিভিন্ন প্ৰশ্ন উত্থাপন কৰি ঐতিহ্যমণ্ডিত জয়নগৰ মাদ্ৰাছাত চুৰিকাণ্ডক লৈ সংবাদমেল আয়োজন কৰে স্থানীয় ৰাইজে ৷

Pressmeet By Public for Theft Incident in Hojai
চুৰিকাণ্ডঃ হোজাইত সৰৱ সচেতন মহল
author img

By

Published : Jul 27, 2020, 10:15 PM IST

হোজাই, 27 জুলাইঃ হোজাইৰ ঐতিহ্যমণ্ডিত জয়নগৰ মাদ্ৰাছাত চুৰিকাণ্ডক লৈ সৰৱ সচেতন মহল ৷ মাদ্ৰাছা পৰিচালনা সমিতিৰ গাফিলতিত চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷ মাদ্ৰাছাৰ সন্মুখতেই সংবাদমেল যোগে মাদ্ৰাছা পৰিচালনা সমিতিলৈ সন্দেহৰ আঙুলি দেখুৱাই একাংশ ৰাইজৰ ৷

চুৰিকাণ্ডঃ হোজাইত সৰৱ সচেতন মহল

উল্লেখ্য যে,হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাত কেইদিনমানপূৰ্বে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ সেইনিশা মাদ্ৰাছাৰ সন্মুখত থকা দানপাত্ৰৰ বাকচ ভাঙি চোৰে লুট কৰি নিয়ে বৃহৎ পৰিমানৰ ধন ৷ উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত মোৰাঝাৰ আৰক্ষীয়ে মাদ্ৰাছাখনত নৈশ পহৰাৰ দায়িত্বত থকা তিনিজনকৈ নিশা পহৰাদাৰক আটক কৰি জেললৈ প্ৰেৰণ কৰে ৷

আনহাতে,উক্ত চুৰিকাণ্ড এক পৰিকল্পিত চুৰিকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ মাদ্ৰাছাৰ সন্মুখত স্থানীয় ৰাইজে এখন সংবাদমেল যোগে মাদ্ৰাখনৰ পৰিচালনা সমিতিৰ দায়িত্বহীনতাৰ বাবে এই চুৰিকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ কৰে ৷ স্থানীয় ৰাইজে মাদ্ৰাছা পৰিচালনা সমিতিৰ ওপৰতো সন্দেহ ব্যক্ত কৰে আৰু সংবাদমেলযোগে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি মাদ্ৰাছা পৰিচালনা সমিতিক ইয়াৰ উত্তৰ ৰাজহুৱাকৈ দিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত ৰংঘৰৰ বাকৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.