ETV Bharat / state

আৰক্ষীৰ নিয়মীয়া তালাচীক লৈ ডৱকাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jan 21, 2021, 10:56 PM IST

২৬ জানুৱাৰীৰ পূৰ্বে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীক লৈ ডৱকাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ হোজাই জিলাৰ ডৱকা শোৱাঘাটত বৃহস্পতিবাৰে সন্ধিয়া সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ সাত জাই গুলী চলাব লগীয়া হয় ৷

police-and-common-mans-scar-at-dobaka
আৰক্ষীৰ নিয়মীয়া তালাচীক লৈ ডৱকাত উত্তপ্ত পৰিস্থিতি

হোজাই, 21 জানুৱাৰী : হোজাই জিলাৰ ডৱকা শোৱাঘাটত বৃহস্পতিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ ডাৱকাত ২৬ জানুৱাৰীৰ পূৰ্বে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷

স্থানীয় লোকে সদৰি কৰা মতে নিয়মীয়া তালাচী সময়তে আৰক্ষীক লক্ষ্য কৰি একাংশ লোকে আক্ৰমণ কৰে ৷ ঘটনা বিৱৰণ অনুসৰি তালাচী সময়ত একাংশ লোকে আৰক্ষীৰ লোকৰ সৈতে যুক্তি-তৰ্কত লিপ্ত হয় ৷ ইয়াৰ পিচতে পৰিস্থিতি এনে পৰ্যায় পায় যে একাংশ লোকে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

আক্ৰমণত ডৱকা থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈ লগতে এজন সহ কনিষ্টবল গুৰুত্বভাৱে আঘাট প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ সাত জাই গুলী চলাব লগীয়া হয় ৷

লগতে পঢ়ক: দেশৰ প্ৰথমটো গ্ৰীণ ষ্টুডিঅ’ হিচাপে পৰিগণিত জ্যোতি চিত্ৰবন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.