হোজাই,4 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা দলে আনটো দলক বিভিন্ন বাক্য বাণেৰে থকা-সৰকা কৰাতো যেন নিৰ্বাচনৰ এক নিয়মাফিক কাৰ্যক্ৰম ৷ বুধবাৰে এখন নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল অভিনেতা আৰু কথা চহকী আখ্যা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ ৷
10 নং নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বুধবাৰে হোজাইৰ লস্কৰ পথাৰৰ এখন নিৰ্বাচনী সভাত তীব্ৰ সমালোচনা কৰে বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ নিজৰ ভাষণত তেখেতে কয় যে, নৰেন্দ্ৰ মোডীয়ে দুখীয়া ৰাইজৰ বাবে কাম নকৰে, তেখেত উদ্যোগপতিৰ হৈ কাম কৰা লোক ৷ ইয়াৰ লগতে মোডীৰ দুটা গুণ উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় , নৰেন্দ্ৰ মোডী এজন ভাল অভিনেতা আৰু অনৰ্গল কথা ক'ব পৰা কথাচহকী ব্যক্তি ৷
উল্লেখ্য যে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে প্ৰদ্যুৎ বৰদলৈয়ে ৷ নিৰ্বাচনী প্ৰচাৰ কালত নেতা গৰাকীক সংগ দিছে বিধায়ক ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা সুৰেশ বৰা, প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে' আদিয়ে ৷ বুধবাৰে লস্কৰ পথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাতেই প্ৰাক্তন কংগ্ৰেছী ডাঃ ধনীৰাম থাউচেনে এ আই ইউ ডি এফ এৰি পুনৰ কংগ্ৰেছত যোগদান কৰে৷ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে 11 টা সমষ্ঠিত প্ৰাৰ্থিত্ব নিদিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ধনীৰাম থাউচেনে ৷ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰা নগাঁও লোকসভা সমষ্টিৰ বিজেপি-কংগ্ৰেছৰ যুঁজত কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব ৷