ETV Bharat / state

হোজাইৰ কাকীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ

author img

By

Published : Oct 17, 2021, 7:42 PM IST

দিনক দিনে ৰাজ্যত বন্যহস্তীৰ আৰু মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ৷

হোজাইৰ কাকীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ
হোজাইৰ কাকীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ

হোজাই, 17 অক্টোবৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত ৷ বনাঞ্চলত জীৱ শ্ৰেষ্ঠ মানুহে কৰা ধ্বংসলীলাৰ ফলত তীব্ৰ খাদ্য সংকটত ভূগি জনাঞ্চললৈ ওলাই আহিবলৈ লৈছে বন্যহস্তী ৷ জনাঞ্চললৈ ওলাই আহিয়েই বন্যহস্তীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে ৷ বহুলোকৰ ঘৰদুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বহু লোকৰ প্ৰাণো লৈছে বন্যহস্তীয়ে ৷

দেওবাৰে পুৱাৰ ভাগতে হোজাই বন্যহস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা ৷ জানিবপৰা মতে, দেওবাৰে পুৱাৰ কাকী 3 নং ডেৰাপথাৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা মহিলা গৰাকী হৈছে চিনু দেৱনাথ ৷ উল্লেখযোগ্য যে, পুৱা 5 বজাত পথাৰলৈ গৰু এৰাল দিবলৈ যোৱাৰ সময়তে ঘৰৰ নিচেই কাষতে বন্যস্তীয়ে আক্ৰমণ কৰে ৷

আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পাছতে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি বিগত বহুদিনৰ পৰাই অঞ্চলটোত বন্যহস্তীয়ে ত্ৰাস চলাই আহিছিল ৷ ইপিনে অঞ্চলটোৰ নিকটবৰ্তী লামডিং বনাঞ্চলখন সংকোচিত হোৱাৰ পৰিণতিতে এই ঘটনা বৃদ্ধি পাৱলৈ ধৰিছে বুলি কয় স্থানীয় ৰাইজে ৷

বনবিভাগৰ নিলিপ্ততাৰ বাবেই বনধ্বংসকাৰীয়ে বন ধ্বংস যজ্ঞ চলোৱাৰ ফলতে অঞ্চলটোত বন্য হস্তীৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে বুলি বনবিভাগক তীব্ৰ সমালোচনা কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ 50 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.