ETV Bharat / state

ৰাখি থোৱা অৱস্থাতে এজন যুৱকে পেট্ৰ'ল ঢালি জ্বলাই দিলে এখন ট্ৰেক্টৰ - এজাহাৰ

মাটি চহোৱাৰ কাম শেষ কৰি ৰাখি থোৱা অৱস্থাতে পথাৰত জ্বলি উঠিল এখন টেক্টৰ । লামডিং সমষ্টিৰ অন্তৰ্গত দক্ষিণ জাৰণী গাঁৱৰ পথাৰত সংঘটিত হ'ল এই দুৰ্ঘটনাটো । গাঁওখনৰে জাকিৰ হুচেইন নামৰ এজন যুৱকে হাতত পেট্ৰ'ল ভৰ্তি বটল এটা লৈ আহি পথাৰৰ মাজত ৰাখি থোৱা ট্ৰেক্টৰখনত পেট্ৰল ঢালি জ্বলাই কৰিলে পলায়ন ।

one tractor burn at paddy field at hojai
ৰাখি থোৱা অৱস্থাতে এজন যুৱকে পেট্ৰল ঢালি জ্বলাই দিলে এখন ট্ৰেক্টৰ
author img

By

Published : Jul 16, 2020, 4:09 PM IST

লংকা,১৬ জুলাই: লংকা তিনিআলিৰ পৰা জাৰণী গাঁৱৰ ইন্তাজ আলী নামৰ এজন ব্যক্তিয়ে তেওঁৰ মাটিত ভূঁই ৰূপণৰ বাবে মাটি চহাবলৈ টেক্টৰ এখন ভাড়ালৈ আনিছিল । মাটি চহোৱাৰ পিছত টেক্টৰখন পথাৰতেই থৈ ভাড়াৰ হিচাপ কৰি থকা অৱস্থাতে একেখন গাঁৱৰে জাকিৰ হুচেইন নামৰ এজন যুৱকে হাতত পেট্ৰ'ল ভৰ্টি বটল এটা লৈ আহি পথাৰৰ মাজত থকা ট্ৰেক্টৰখনত পেট্ৰ'ল ঢালি জ্বলাই দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পূৰ্বৰ মাটি কেন্দ্ৰীক বিৱাদৰ বাবেই এনে ঘটনা সংঘটিত হোৱা জনালে ভুক্তভোগী ইন্তাজ আলীয়ে ।

ৰাখি থোৱা অৱস্থাতে এজন যুৱকে পেট্ৰল ঢালি জ্বলাই দিলে এখন ট্ৰেক্টৰ

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভোক্তভোগী ইন্তাজ আলীয়ে তিনিআলী আৰক্ষী পহৰা চকীত অভিযুক্ত জাকিৰ হুছেইন নামৰ যুৱকজনৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ ।

লগতে চাওকঃ ভূটানত নিৰ্মাণৰত জলবিদ্যুৎ প্ৰকল্প অভিশাপ হ'ব পাৰে নামনি অসমলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.