ETV Bharat / state

হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত উদ্ধাৰ এটা মৃতদেহ - Hojai

হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে চৰিফ উদ্দিন নামৰ লোকজনক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে উক্ত ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে |

ETV BHARAT
হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত উদ্ধাৰ এটা মৃতদেহ
author img

By

Published : Apr 24, 2020, 1:11 PM IST

হোজাই, 24 এপ্ৰিলঃ হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃত লোকজনৰ নাম চৰিফ উদ্দিন বুলি জানিব পৰা গৈছে ৷

হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত উদ্ধাৰ এটা মৃতদেহ

লগ ডাউনৰ মাজতে হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । পথাৰৰ নিৰ্জন ঠাইত গুলিবৃদ্ধ অৱস্থাত উদ্ধাৰ হয় চৰিফ উদ্দিনৰ মৃতদেহটো। কোনো দুৰ্বৃত্তই গুলিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ উল্লেখ্য যে,বৃহস্পতিবাৰে নিশা চোৰাঙকৈ চেগুন গছৰ কুণ্ডা কাটি লৈ আহি থকা অৱস্থাত কোনো দুৰ্বৃত্তই গুলিয়াই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । আনহাতে,মৃতদেহৰ কাষত চাৰিখনকৈ চেগুন গছৰ কুন্দা ভৰ্তি চাইকেল উদ্ধাৰ হয়। উক্ত ঘটনাটি স্থানীয় ৰাইজে হোজাই জিলাৰ লংকা আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে উক্ত ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে |

লগতে পঢ়ক- কাজিৰঙা ষষ্ঠ সংযোজনত পুনৰ উদ্ধাৰ গঁড়ৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.