ETV Bharat / state

লংকাত গাহৰি পালন বিষয়ক প্ৰশিক্ষণ শিবিৰৰ আয়োজন - Hojai, Lanka

হোজাই জিলা গাহৰি পালক সন্থাৰ উদ্যেগত আৰু হোজাই জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত মঙলবাৰে এদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীত সঠিকভাৱে গাহৰি পালন কৰি কেনেদৰে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয় ।

One day training camp at Hojai
লংকাত গাহৰি পালন বিষয়ক প্ৰশিক্ষণ শিবিৰৰ আয়োজন
author img

By

Published : Oct 6, 2021, 10:15 AM IST

হোজাই, ৬ অক্টোবৰ: গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হোৱা লোকসকলক উৎসাহিত কৰি গাহৰি পালনৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰয়োজনীয় ব্যৱস্থাৰ বিষয়ে শিকোৱাৰ বাবে মঙলবাৰে হোজাই জিলাৰ লংকাত এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । হোজাই জিলা গাহৰি পালক সন্থাৰ উদ্যেগত আৰু হোজাই জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পৰশুৰাম ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক গাহৰি পালকে অংশগ্ৰহণ কৰে । বৰ্তমান সময়ত গাহৰি পালনৰ জৰিয়তে বহু যুৱকে আত্মনিৰ্ভৰশীল হ'ব পাৰিছে আৰু সেয়ে, এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিবলৈ গাহৰি পালকসকলে চৰকাৰক আহ্বান জনায় ।

উল্লেখ্য যে, প্ৰশিক্ষণ শিবিৰত মহকুমা পশু চিকিৎসা বিষয়া ডাঃ চামিম আৰা ৰহমান, চিকিৎসক শিৱপ্ৰসাদ হাজৰিকা আদি উপস্থিত থাকে । এনে ধৰণৰ প্ৰশিক্ষণে গাহৰি পালকসকলক উপকৃত কৰিব বুলি বিভাগীয় বিষয়াসকলে আশা প্ৰকাশ কৰে । কিয়নো, বহু গাহৰি পালকে বিগত দিনবোৰত গাহৰি পালনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে ।

সঠিক প্ৰশিক্ষণ দিলে পালকসকলে সৰু সৰু সমস্যাবোৰ সমাধান কৰিব পাৰিব আৰু অধিক উপাৰ্জনৰ পথ প্ৰশস্ত হ'ব ।

লগতে পঢ়ক:তেজপুৰত মহালয়াৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.