ETV Bharat / state

হোজাইত পুত্ৰ বোৱাৰী নিৰ্যাতনত ঘৰ ত্যাগ দম্পতিৰ - assam news

পুত্ৰ বোৱাৰীৰ অকথ্য  নিৰ্যাতনৰ বাবেই আদালত চৌহদত 70 উৰ্ধ্বৰ দম্পতীৰ হিয়াভঙা কান্দোন ৷ চাৰি পুত্ৰ আৰু পাঁচ গৰাকী জীয়ৰী জন্ম দিয়াৰ পিচতো চকুলো টুকিব লগা হৈছে এহাল দম্পতিয়ে

হোজাইত পুত্ৰ বোৱাৰী নিৰ্যাতনত ঘৰ ত্যাগ এহাল দম্পতীৰ
author img

By

Published : May 31, 2019, 9:40 PM IST

হোজাই, 30 মে': বৃদ্ধ বয়সত এহাল বৃদ্ধৰ কৰুণ কাহিনী। বোৱাৰীৰ নিৰ্যাতনৰ বাবেই ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হ'ল বৃদ্ধ শাহু-শহুৰ। পুত্ৰ বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বাবে আদালতৰ চৌহদত 70 উৰ্ধ্বৰ দম্পতীৰ হিয়াভৰা কান্দোন ৷ চাৰি পুত্ৰ আৰু পাঁচ গৰাকী জীয়ৰীৰে ভৰা পৰিয়াটোত এতিয়া বৃদ্ধ দম্পতীয়ে টুকিবলগীয়া হৈছে চকুপানী। হোজাইৰ 1নং কাকীৰ পোনা গোহাঁই আৰু সৰুমাই গোহাঁই নামৰ দম্পতীহালে পুত্ৰ বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি এতিয়া ন্যায় বিচাৰি কাষ চাপিছে হোজাই আদালতৰ। জীৱনৰ বিয়লি বেলাত ভগৱানক প্ৰাৰ্থনা কৰা সময়ত ন্যায় বিচাৰি আদালতত হাজিৰ হ'ব লগা হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত । বিগত কেইবছৰমান আগতে দুই পুত্ৰক হেৰুওৱাৰ বেদনাই বুকুত খুন্দিয়াই আছে যদিও বোৱাৰীয়ে অত্যাচাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াত বৃদ্ধ দম্পতী হালে অনাই বনাই কটাব লগা হৈছে । পুত্ৰ বোৱাৰীৰ শাৰীৰিক মানসিক অত্যাচাৰত অতিষ্ঠ হৈ নিজ গৃহ ত্যাগ কৰিবলৈ বাধ্য হয় হোজাইৰ এই বৃদ্ধ দম্পতীহালে ৷

Intro:বৃদ্ধ বয়সত এহাল বৃদ্ধা কৰুণ কাহিনী। বোৱাৰী নিৰ্যাতন, ঘৰৰ পৰা বৃদ্ধ শহু শাহু উলিয়াই নিৰ্যাতন ।Body:Story :- বৃদ্ধ বয়সত এহাল বৃদ্ধা কৰুণ কাহিনী। বোৱাৰী নিৰ্যাতন, ঘৰৰ পৰা বৃদ্ধ শহু শাহু উলিয়াই নিৰ্যাতন । এতিয়া বৃদ্ধ শহু শাহু আদালতৰ চৌহদত হিয়া ভৰা কান্দোন।

Anchor - বয়সত 70 উৰ্ধত এহাল বৃদ্ধা। চাৰি পুত্ৰ আৰু পাছ গৰাকী জীয়ৰী জন্ম দিয়া এহাল বৃদ্ধ দাম্পতিয়ে এতিয়া টুকিব লগা হৈছে বিষাদৰ চকুপানী। ডাঙৰ বোৱাৰী নিৰ্যাতনৰ বলি হৈ এতিয়া আদালতৰ কাষ চাপিব লগা হৈছে বৃদ্ধ বয়সত।

VO :- 70 উৰ্ধত এহাল বৃদ্ধ এক কৰুণ কাহিনী। হোজাই জিলাৰ ১ নং কাকীৰ এইহাল পোনা গোহাঁই আৰু সৰুমাই গোহাঁই। জীৱনৰ সৰহ খিনি সময় সমাজৰ কাম কৰিয়ে 70 দেৰনা পাৰ কৰা এইজন বৃদ্ধাৰ এতিয়া কোলাই পাচি নধৰা দুখ আৰু বেদনা। পুত্ৰ বোৱাৰী নিৰ্যাতন সহিব নোৱাৰি এতিয়া ন্যায় বিচাৰি কাষ চাপিলে হোজাই শংকৰদেৱৰ নগৰস্থিত আদালতৰ। জীৱনৰ বিয়লি বেলাত ভগৱানক অৰ্ধনা কৰা সময়ত এতিয়া ন্যায় বিচাৰি আদালতত হাজিৰ হব লগা ঘটনাই এতিয়াই শঙ্কিত কৰি তুলিছে সকলোকে। আদালতৰ চৌহদত বহি এইদৰে চকুলো টুকিব লগা হৈছে বৃদ্ধা হালে। বৃদ্ধ হালৰ ওচৰত লাখুটি হৈ সহায় হাত আগ বহিছে নিজ নাতিয়েকে। বিগত কেইবছৰ আগতে দুই পুত্ৰক হেৰুৱা বেদনাই বুকুত খুন্দিয়াই আছে যদিও বোৱাৰী অত্যাচাৰ কৰি এতিয়া ঘৰৰ পৰা উলিয়াই দিয়াত বৃদ্ধ দাম্পত্তি হলে অনাই বনাই অত এৰাতি তত এৰাতি কটাই থাকিব লগা হৈছে। সুৰাপান কৰি সৰু পুত্ৰই চলাই অত্যাচাৰ। অভাছ গালি গালাছ পাৰি অভদ্ৰ আচৰণ কৰি মাৰ ধৰ কৰি চলায় অত্যাচাৰ। মানসিক অত্যাচাৰ আৰু শাৰীৰিক অত্যাচাৰ চলাই অৱশেষত নিজ হাতে বনোৱা গৃহ ত্যাগ কৰিবলৈ বাধ্য কৰিছে বৃদ্ধ দাম্পতি হালক। কাষত নাতিক লৈ এতিয়া আদালতৰ কাষ চাপিল যদিও এতিয়া নেদেখা জনৰ ওপৰত হে আচ্ছাশ ৰাখিছে পোনা গোহাঁই আৰু সৰুমাই গোহাঁইয়ে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.