ETV Bharat / state

NF Railway GM at Lumding : লামডিঙত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মহা প্ৰৱন্ধক আনচুল গুপ্তাৰ - মহা প্ৰৱন্ধক আনচুল গুপ্তা

লামডিং ৰে'ল জংচন পৰিদৰ্শন কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক আনচুল গুপ্তাই (NF Railway GM visits Lumding station)। কেইবাটাও নতুন প্ৰকল্প শুভাৰম্ভ কৰে গুপ্তাই । গুপ্তাই সুৰক্ষা ব্যৱস্থাৰো পৰ্যৱেক্ষণ কৰে ।

NF Railway GM at Lumding
লামডিঙত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মহা প্ৰৱন্ধক আনচুল গুপ্তাৰ
author img

By

Published : Jan 23, 2023, 1:08 PM IST

লামডিঙত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মহা প্ৰৱন্ধক আনচুল গুপ্তাৰ

হোজাই,২৩ জানুৱাৰী : ৰে'ল যোগাযোগ ব্যৱস্থা সুচল আৰু সুৰক্ষিত কৰাৰ স্বাৰ্থত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে শেহতীয়া বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (North East Frontier Railway)। সকলো ষ্টেচনৰ আধুনিকীকৰণতো গুৰুত্ব আৰোপ কৰিছে ৰে'ল বিভাগে । বিশেষকৈ যাত্ৰীৰ সুৰক্ষাৰ বাবে ৰে'ল বিভাগে লোৱা ব্যৱস্থাসমূহ কাৰ্যকৰী হৈছে নে নাই সেয়া নিশ্চিত কৰিবলৈ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক আনচুল গুপ্তাই (NF Railway GM Anshul Gupta)।

নিজে উপস্থিত থাকি সুৰক্ষা ব্যৱস্থাৰ বুজ লৈছে মহা প্ৰৱন্ধকগৰাকীয়ে । শেহতীয়াকৈ শিলচৰৰ পাছত এইবাৰ লামডিং ৰে'ল জংচনত উপস্থিত হৈছে মহা প্ৰৱন্ধকগৰাকী । দেওবাৰে নিশা লামডিঙত উপস্থিত হয় মহা প্ৰৱন্ধক আনচুল গুপ্তা (NF Railway GM at Lumding)। গুপ্তাক সংগ দিয়ে বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া ।

মহা প্ৰৱন্ধকগৰাকীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লামডিং ষ্টেচনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় । মহা প্ৰৱন্ধকগৰাকীয়ে লামডিং ৰে'ল জংচন পৰিদৰ্শন কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে (NF Railway GM visits Lumding station)। মহা প্ৰৱন্ধক আনচুল গুপ্তা লামডিঙত উপস্থিত হোৱাৰ লগে লগে তেওঁ বিশাল আদৰণি জনোৱা হয় । ইফালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধকগৰাকীয়ে লামডিঙত নৱ নিৰ্মিত ডেমু পিট লাইন চেড কাৰ্যালয়ৰ শুভাৰম্ভ কৰে ।

লগতে ১০০ খন বিচনাযুক্ত আৰ পি এছ এফ বেটেলিয়ানৰ বেৰেক, ৰে'লৱে বিবাহ ভৱন , ৰে'লৱে ইনষ্টিটিউডৰ ক্ৰীড়া কক্ষৰ বেডমিন্টন ক'ৰ্ট আৰু এখন শিশু উদ্যান মুকলি কৰে । ইয়াৰোপৰি লামডিঙত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে মহা প্ৰৱন্ধকগৰাকীয়ে (NF Railway GM inaugurates several projects)৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি লামডিং ৰে'লৱেৰ দুটাকৈ শ্ৰমিক সংগঠনৰ সৈতেও মত বিনময় কৰে আনচুল গুপ্তাই ৷ আনফালে মহা প্ৰৱন্ধকগৰাকীয়ে তেওঁৰ কাৰ্যকালত সম্পূৰ্ণ হোৱা বিভিন্ন প্ৰকল্পসমূহৰ ওপৰত এখন সংবাদেমেল সম্বোধন কৰে ।

সংবাদমেলত তেওঁ ঘোষণা কৰা মতে শ্বিলং সংযোগী ৰে'লপথৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'ব । অৰুণাচলৰ টাবাঙলৈও ৰে'ল যোগাযোগৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে । ছিকিমৰ নাথুলা পৰ্যন্ত ৰে'ল যোগাযোগৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে পৰিকল্পনা কৰিছে ।

ইফালে ৰে'ল দুৰ্ঘটনা আৰু বিশেষকৈ বন্যহস্তীৰ সমস্যাক লৈও উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । মহা প্ৰৱন্ধকগৰাকীৰ মতে সকলো দিশৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ কাম কৰা হৈছে ।

লগতে পঢ়ক :Cancer Medical Camp: জৰায়ুৰ কৰ্কট ৰোগ সন্দৰ্ভত কলিয়াবৰত আয়োজন সজাগতা শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.