ETV Bharat / state

হোজাইত খোৱাপানীৰ নামত চলিছে ভয়ানক বেহা, ৰাইজক সতৰ্ক হোৱাৰ আহ্বান - pure water

খোৱাপানী বিক্ৰীৰ নামত হোজাইত চলিছে ভয়ানক বেহা ৷ হোজাই জিলাত কাঠফুলাৰ দৰে অবৈধভাৱে গঢ়ি উঠা খোৱাপানী উৎপাদন কেন্দ্ৰবোৰ বন্ধ কৰাৰ বাবে গঠন কৰা হ’ল খোৱাপানী উৎপাদক সন্থা ৷

নতুন খোৱাপানী উৎপাদক সন্থা গঠন
হোজাইত খোৱাপানী উৎপাদক সন্থা গঠন
author img

By

Published : Nov 4, 2021, 4:32 PM IST

হোজাই, 4 নৱেম্বৰ : বুধবাৰে সন্ধিয়া হোজাইত খোৱাপানী উৎপাদক সন্থা নামেৰে এখন সমিতি গঠন কৰা হয় ৷ খোৱাপানীৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সমিতিখন গঠন কৰা হয় ৷ সমিতি সন্দৰ্ভত ভালুকমাৰীৰ পাটকাই ৰেষ্টুৰেণ্টত আয়োজন হয় এক সংবাদমেলৰ ৷ সন্থাৰ সভাপতি হিচাপে দায়িত্ব লয় লংকাৰ ৰোহিত আগৰৱালাই ৷

new water production organisation
হোজাইত খোৱাপানী উৎপাদক সন্থা গঠন

সমিতিখনৰ মূল উদ্দেশ্য হ'ল হোজাই জিলাত কাঠফুলাৰ দৰে অবৈধভাৱে গঢ়ি উঠা খোৱাপানী উৎপাদন কেন্দ্ৰবোৰ বন্ধ কৰা ৷ কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ অনিয়মৰ মাজেৰে এই কেন্দ্ৰবোৰত কাম পৰিচালনা কৰা হয় ৷ যাৰ ফলত এই কেন্দ্ৰবোৰৰ পৰা খোৱাপানী গ্ৰহণ কৰিলে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা খুবেই বেছি ৷

ইতিমধ্যে বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ য'তে ত’তে গঢ়ি উঠা 17 টা পানী উৎপাদন কেন্দ্ৰ বন্ধৰ নিৰ্দেশ দিছে হোজাই জিলা উপায়ুক্তই ৷ নৱগঠিত হোজাই জিলা খোৱাপানী উৎপাদক সন্থাই এনে অবৈধ খোৱাপানীৰ বটল ক্ৰয় নকৰিবলৈ আৰু পানীৰ বটল ক্ৰয় কৰাৰ সময়ত বটলৰ আই এছ আই মাৰ্ক চাই ল'বলৈ ৰাইজক অনুৰোধ জনাইছে ।

লগতে চাওকঃ কোকৰাঝাৰত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় কবি সন্মিলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.