হোজাই, 20 অক্টোবৰ : অসমৰ ৰাজনীতিত ভূমিষ্ঠ আন এক ৰাজনৈতিক দল । হোজাইৰ নীলবাগানত সংবাদ মেল পাতি দলৰ নাম ঘোষণা কৰিলে অধিবক্তা ৰোহিনা ৱাৰিছে । "খিলঞ্জীয়া ঐক্য মঞ্চ" নামেৰে নামকৰণ কৰা হ’ল দলটোৰ । অধিবক্তা ৰোহিনা ৱাৰিছক চৌধুৰী দলটোৰ মূখ্য আহ্বায়ক হিচাপে ঘোষণা ।
আগন্তক 2021 ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী দিব নতুন ৰাজনৈতিক দলটোৱে ৷ চৰকাৰী কাম কাজত হোৱা অবাধ দুৰ্নীতিৰ বিৰুদ্ধেও মঞ্চই সবল প্ৰতিবাদ গঢ়ি তুলিব বুলি সংবাদ মেলত ৰুহিনা ৱাৰিছ চৌধুৰীয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক : বাঘজানবাসীক ক্ষতিপূৰণৰ দাবীত মহানগৰীত অৰ্ধ-উলংগ প্ৰতিবাদ