ETV Bharat / state

হোজাইত পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ - হত্যাকাণ্ড

হোজাইৰ বৰবালিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় এগৰাকী লোকৰ মৃতদেহ ৷ ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

Murder at hojai assam etv bharat news
হোজাইত পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ
author img

By

Published : Jul 13, 2020, 2:51 PM IST

হোজাই,13 জুলাই: এটাৰ পিছত আন এটা হত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাইত ৷ শুকুৰবাৰে হোজাইৰ ডিমৰুপাৰত দিন-দুপৰতে এজন লোকক ৰাজপথত ঘপিয়াই হত্যা কৰাৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ মোৰাঝাৰত সংঘটিত হৈছে আন এক হত্যাকাণ্ড ।

হোজাইত পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ

ঘটনাৰ বিৱৰণী অনুসৰি,হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত বৰবালি অকচেক গাঁৱৰ চিৰাজুদ্দিনৰ পুত্ৰ ৩৬ বছৰীয়া এনামউদ্দিনক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পথৰ দাঁতিত পেলাই যায় । পেচাত এগৰাকী গাড়ীচালক হিচাপে জীৱিকা নিৰ্বাহ কৰা লোকজনৰ হত্য়াৰ কাৰণ জানিব পৰা হোৱা নাই ৷ হত্য়াকাণ্ডৰ ঘটনাটো পুৱা পোহৰলৈ অহাত ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে চাওকঃ তীব্ৰবেগী বাহনৰ খুন্দাত আহত পহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.