ETV Bharat / state

হোজাইৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ - Vast area of Hojai devastated by floods

বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোজাইৰ বিস্তীৰ্ণ অঞ্চল(Vast area of Hojai devastated by floods) । বানাক্ৰান্তৰ নাজল-নাথল অৱস্থা । বানত জুৰুলা ৰাইজৰ কাষত ঠিয় দিছে জনপ্ৰতিনিধি । হোজাইৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বানকান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ ল’লে যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই(MP Kamakhya Prasad Tasha in Hojai flood devastated area) ।

kamakhya prasad tasa inspection flood devastated areas
হোজাইৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ
author img

By

Published : May 26, 2022, 2:30 PM IST

হোজাই,২৬ মে': যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল হোজাই জিলাৰ বিস্তীৰ্ণ অঞ্চল(Vast area of Hojai devastated by floods) । কাৰ্বি লাংপি গেটৰ পৰা পানী এৰি দিয়াৰ ফলত কপিলী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰি বাস্তৰ ক্ষতিসাধন কৰিছিল হোজাই জিলাৰ নৈ পৰীয়া অঞ্চল সমূহত । বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লবলৈ হোজাইত উপস্থিত হয় ইজনৰ পাছত সিজনকৈ জনপ্ৰতিনিধি ।

হোজাইৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

সমান্তৰালভাৱে হোজাইৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই(MP Kamakhya Prasad Tasha in Hojai flood devastated area) । সাংসদগৰাকীয়ে হোজাইৰ বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চললৈ গৈ বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি তেঁওলোকৰ দুখ-দুৰ্দশাৰ বুজ লয় । হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষক লগত লৈ পৰিদৰ্শন কৰে সমগ্ৰ অঞ্চল । বিধায়কৰ নেতৃত্বত শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাটপথৰ পুনৰ নিৰ্মাণৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপিত হোৱাত সহায় কৰিব ।

উল্লেখ্য যে হোজাই জিলাৰ নৈ পৰীয়া অঞ্চল সমূহত কপিলী নৈৰ বাঢ়নী পানী ক্ৰমান্বয়ে কমাত শিবিৰ সমূহত থকা বানাক্ৰান্ত লোকসকল নিজ নিজ গৃহলৈ যাবলৈ আৰম্ভ কৰিছে । নিজ নিজ গৃহলৈ যোৱাত বানত সৰ্বস্বান্ত হেৰুৱাই বানাক্ৰান্ত লোকসকল বৰ্তমান বৃহৎ খাদ্য সংকট ভোগাৰ লগতে বহু অঞ্চলৰ বাট পথ বানে উটুৱাই নিয়াত যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীণ হৈছে ।

লগতে পঢ়ক: তেজপুৰৰ মহা ভৈৰব মন্দিৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.