ETV Bharat / state

ডবকাৰ ৰৌৱাৰপাৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 5, 2021, 11:40 AM IST

ৰাজ্যজুৰি অব্যাহত আছে হোজাইৰ উদালীত কৰ্মৰত চিকিৎসক নিগ্ৰহৰ ঘটনাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে জিলাখনত আকৌ সংঘটিত হ’ল দলবদ্ধ আক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰে হোজাই জিলাৰ ডবকাত পুনৰ সংঘটিত হ’ল দলবদ্ধ আক্ৰমণৰ ঘটনা ৷

ডবকাৰ ৰৌৱাৰপাৰত উত্তপ্ত পৰিস্থিতি
ডবকাৰ ৰৌৱাৰপাৰত উত্তপ্ত পৰিস্থিতি

হোজাই,5 জুন: শুকুৰবাৰে ডবকাৰ ৰৌৱাৰপাৰত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ৷ এক পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখযোগ্য যে, শুকুৰবাৰে জাকিৰ হুছেইন নামৰ লোকজনে বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত এচাম লোকে বাট আগুচি প্ৰাণে মৰাৰ উদ্দেশ্যৰে দা, কুঠাৰ আদিৰে আক্ৰমণ কৰে (mob with weapon attacks a person) লোকজনক ৷

এই আক্ৰমণৰ ফলত জাকিৰ হুছেইনৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷ কিছুদিন পুৰ্বে আক্ৰমণকাৰীসকলৰ মাজৰ এজন লোকক ভুক্তভোগীৰ পৰিয়ালৰ এগৰাকী সদস্যাৰ সৈতে অসংযত অৱস্থাত ৰাইজে উদ্ধাৰ কৰি মোৰাঝাৰ আৰক্ষীক গতাই দিছিল ৷ উক্ত বিষয়ৰ পোতক তোলাৰ উদ্দেশ্যে ব্যক্তিগৰাকীক এই আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

পুনৰ দলবদ্ধ আক্ৰমণৰ ঘটনা হোজাইত

অৱশেষত ঘটনাস্থলীত ডবকা আৰক্ষী, মোৰাঝাৰ আৰক্ষীৰ লগতে আৰক্ষীৰ ঊৰ্ধতন বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাক ভিত্তি কৰি ভুক্তভোগী জাকিৰ হুছেইনে মোৰাঝাৰ থানাত এখন এজাহাৰ দাখিল ((FIR launched) কৰিছে ৷

লগতে পঢ়ক: বক্সাৰ শিৱ থাপালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে তিনিলাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.