হোজাই, 12 জুন: শুকুৰবাৰে হোজাই জিলাৰ কাকীৰ উচ্ছেদিত পৰিয়ালৰ কাষত উপস্থিত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ৷ কাকীত উপস্থিত হৈ কাকীৰ ৰবৰ বাগানৰ বৰ্তমানৰ পৰিস্থিতি বুজ লয় লামডিং সমষ্টিৰ বিধায়ক গৰাকীয়ে ৷ লগতে ৰবৰ বাগানত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷ ৰাইজৰ কাষত বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে বিভিন্ন দল-সংগঠনৰ সদস্য ৷ লামডিঙৰ বিধায়ক গৰাকীয়ে ৰবৰ বাগানত বেদখলকাৰীয়ে অবৈধভাৱে ঘৰ বনোৱা কাৰ্যক তীব্ৰভাৱে গৰিহণা প্ৰদান কৰে ৷ লগতে ৰবৰ বাগান কাটি ধ্বংস কৰা কাৰ্যক কোনো পধ্যে সহ্য কৰা নহ’ব বুলিও মন্তব্য প্ৰকাশ কৰে লামডিঙৰ বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক: বিশ্ব শ্ৰম বিৰোধী দিৱস 2021: কৰ’ণাৰ সময়ত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা