হোজাই, 15 মে' : ৰাজ্যত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি(Assam floods 2022) । ৰাজ্যত ভদীয়া বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ঠায়ে ঠায়ে বৰ্নাত্যৰ হাহাকাৰ ৷ সম্প্ৰতি বহুকেইখন জিলাৰ বহু অঞ্চল এতিয়া পানীৰ তলত । হোজাই-কাৰ্বি আংলং সীমান্তৰ মাণ্ডুলীতো ভদীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে, সোমবাৰে নিশা মাণ্ডুলীত বাঢ়নী পানীয়ে উটুৱাই নিয়া পথচোৱা পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজৰ কাষত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Minister Piyush Hazarika to flood victims in Manduli)৷ আনহাতে, বানে উটুৱাই নিয়া মাণ্ডুলীৰ পথচোৱা শীঘ্ৰেই মেৰামতিৰ বাবে বিভাগক নিৰ্দেশ প্ৰদান কৰা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷
ইফালে, মাণ্ডুলীবাসী ৰাইজৰ সৈতে বানপৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে পৰ্য্যাপ্ত পৰিমাণৰ সাহাৰ্য আগবঢ়োৱা হ'ব বুলি জনালে মন্ত্ৰীগৰাকীয়ে । লগতে, পোহনীয়া গৰু-ছাগলী, ম'হৰ বাবেও চৰকাৰৰ ফালৰ পৰা পশুখাদ্য যোগান ধৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, অঞ্চলটোৰ বানপৰিস্থিতিৰ সন্দৰ্ভত বুজ লোৱাৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে হোজাই সমষ্টিৰ স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগতে হোজাই জিলাৰ প্ৰশাসনিক বিষয়াসকল ৷
লগতে পঢ়ক : Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা