হোজাই, 5 জুন : শুকুৰবাৰে হোজাইত উপস্থিত হ’ল বনমন্ত্ৰী (forest minister) পৰিমল শুক্লবৈদ্য ( Parimal Suklabaidya) ৷ জিলা খনৰ শেহতীয়া ক’ভিড পৰিস্থিতি (covid situation) ৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকী হোজাইত উপস্থিত হয় ৷
ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে হোজাই জিলাত উপস্থিত হয় বনমন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে, পৰিমল শুক্লবৈদ্যক জিলাখনৰ অভিভাৱক মন্ত্ৰী (guardian minister ) হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে ৷
শুকুৰবাৰে মন্ত্ৰী গৰাকীয়ে প্ৰথমে হোজাই চহৰৰ গীতাশ্ৰমত উপস্থিত হয় ৷ দিনৰ 2:20 বজাত গীতাশ্ৰমত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎত বনমন্ত্ৰী গৰাকীয়ে কয় , "মই ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ আজি হোজাইলৈ আহিছো ৷ " ইয়াৰ পিছতেই স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগতে হোজাইৰ বিজেপিৰ কৰ্মকৰ্তা সকলৰ সৈতে গীতাশ্ৰমত এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷
ইফালে, হোজাইত বনৰীয়া হাতীৰ উপদ্ৰৱ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰী গৰাকীয়ে কয়, বনৰীয়া হাতীৰ খাদ্যৰ বাবে বন বিভাগে প্ৰয়াস আৰম্ভ কৰিছে ৷ ইয়াৰ লগতে, উদালীৰ চিকিৎসক আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা জনাই মন্ত্ৰীগৰাকীয়ে কয় - আইন আইনৰ গতিত চলিব, দোষীয়ে উচিত শাস্তি পাব ৷
আনহাতে, লামডিং বনাঞ্চলৰ লগতে অসমৰ অন্যান্য ঠাইত বেদখল কৰা ঠাইসমূহ পৰ্যায় ক্ৰমে উচ্ছেদ কৰি বনাঞ্চলসমূহ মুক্ত (eviction in forest area ) কৰা হ’ব বুলি বনমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক: বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ