ETV Bharat / state

হোজাইত "মাত্ৰু বন্দনা সপ্তাহ", "ৰাষ্ট্ৰীয় পোষণ মাহ"ৰ শুভাৰম্ভণি অনুষ্ঠান - Hojai Administration

যোৱা ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে "ৰাষ্ট্ৰীয় পোষণ মাহ" । লগতে ১ ছেপ্টেম্বৰৰ পৰা "মাত্ৰু বন্দনা সপ্তাহো" আৰম্ভ হৈছে । অসমৰ আন আন জিলাৰ সমান্তৰালকৈ হোজাই জিলাতো "মাত্ৰু বন্দনা সপ্তাহ" আৰু "ৰাষ্ট্ৰীয় পোষণ মাহ" উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । বুধবাৰে জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা হয় ।

Matru Bandana Week observed at Hojai
মাত্ৰু বন্দনা সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠান
author img

By

Published : Sep 3, 2021, 1:22 PM IST

হোজাই, ৩ ছেপ্টেম্বৰ: দেশৰ পৰা পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যেৰে সকলোকে সজাগ কৰিবলৈ প্ৰতি বছৰে পালন কৰা হয় "ৰাষ্ট্ৰীয় পোষণ মাহ" । প্ৰতি বছৰে ১ ছেপ্টেবৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ পালন কৰা হয় "মাত্ৰু বন্দনা সপ্তাহ" । অসমতো এই উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । বুধবাৰে হোজাই জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ সহযোগত "ৰাষ্ট্ৰীয় পোষণ মাহ" আৰু "মাত্ৰু বন্দনা সপ্তাহ"ৰ শুভাৰম্ভণি কৰা হয় ।

জিলা পৰ্যায়ত উদযাপন হ'বলগীয়া "মাত্ৰু বন্দনা সপ্তাহ" আৰু "ৰাষ্ট্ৰীয় পোষণ মাহ"ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী, সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, জিলা সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়া, বিভাগীয় কর্মচাৰী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল । প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব জিলাখনত ।

বুধবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকি হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে মাত্ৰু বন্দনা যোজনা সফল আৰু সুচাৰুৰূপে ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । লগতে মাত্রু বন্দনা যোজনা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায় ।

ইয়াৰ উপৰিও কোনো উপযুক্ত হিতাধিকাৰী যাতে সুবিধা লাভৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে । "মাত্ৰু বন্দনা সপ্তাহ"ত মাত্রু বন্দনা যোজনাৰ হিতাধিকাৰীৰ গৃহ পৰিদর্শন, হিতাধিকাৰীৰ নাম পঞ্জীয়ন, জিলাখনৰ বিভিন্ন স্থানত তথ্য বুথ স্থাপন, গাঁও সভা, ছেলফি কর্ণাৰ, সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ'ব । উল্লেখ্য যে, "প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা"ৰ অধীনত গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা প্ৰথম সন্তানৰ মাতৃ সকলক আৰ্থিক সহায় আগবঢ়োৱা হয় ।

লগতে পঢ়ক:বকলীয়াঘাটত উপস্থিত CRPFৰ চাইক্লিষ্টৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.