ETV Bharat / state

কৰ'ণা গণ সংক্ৰমণৰ দিশে হোজাই আৰু ডবকা ! - Hojai

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণৰ ঘটনা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই আৰু ডবকাতো বৃদ্ধি পাইছে গণ সংক্ৰমণৰ আশংকা ৷

Massive Gathering at Hojai Market
Massive Gathering at Hojai Market
author img

By

Published : Aug 1, 2020, 4:52 AM IST

হোজাই, 1 আগষ্ট: সম্প্ৰতি কৰ'ণাৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে হোজাই আৰু ডবকা । ইছলাম ধৰ্মালম্বী লোকৰ ঈদৰ বাবে বজাৰত দেখা পোৱা গৈছে গ্ৰাহকৰ অভাৱনীয় ভিৰ । দোকান পোহাৰে ৰাস্তা সকলোতে এতিয়া গ্ৰাহকৰ ভিৰ । ঈদৰ বজাৰ কৰিবলৈ বজাৰত বৃদ্ধি পাইছে জনসমাগম ৷

কৰ'ণা গণ সংক্ৰমণৰ দিশে হোজাই আৰু ডবকা !

উল্লেখ্য যে, 5 জনকৈ ব্যৱসায়ী আক্ৰান্তৰ হোৱাৰ পিছতো সজাগ হোৱা নাই ইয়াৰ স্থানীয় ৰাইজ। হোজাই চহৰতো কৰ'ণাৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । আনহাতে ৰাইজে ব্যৱহাৰ কৰা নাই মাস্ক, নাই সামাজিক দূৰত্ব। আৰক্ষী প্ৰশাসনে ব্যৱস্থা নালোৱাৰ অভিযোগ সচেতন ৰাইজৰ । আতংকিত হৈ পৰিছে সচেতন ৰাইজ । অনাগত দিনত এনে পৰিস্থিয়ে এক জটিল ৰূপ ধাৰণ কৰিব বুলি অনুমান কৰা হৈছে ৷

লগতে চাওক-ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.