ETV Bharat / state

হোজাইত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Mar 15, 2020, 12:04 PM IST

এই অগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হোৱাৰ অনুমান কৰা হৈছে । শ্বট চাৰ্কিটৰ ফলত দিপুল মণ্ডলৰ ষ্টেচনাৰী দোকানৰ পৰা জুইৰ সুত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে ।

ভয়ংকৰ অগ্নিকাণ্ড
ভয়ংকৰ অগ্নিকাণ্ড

হোজাই, 15 মাৰ্চঃ হোজাইৰ কেন্দ্ৰগুৰি গাঁৱত দেওবাৰে পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত সম্পূর্ণভাৱে ভস্মীভূত হয় ৫ খন ব্যৱসায় প্ৰতিষ্ঠান। জুইত জাহ যায় প্ৰেমধন দাসৰ ঔষধ দোকান, দিপুল মণ্ডলৰ ষ্টেচনাৰী, দুৰ্ণ বিশ্বাসৰ ষ্টেচনাৰী, অৰুণ বিশ্বাসৰ চাউল দোকানসহ গণেশ বৰদলৈৰ গেলামাল দোকান । এই অগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হোৱাৰ অনুমান কৰা হৈছে । শ্বট চাৰ্কিটৰ ফলত দিপুল মণ্ডলৰ ষ্টেচনাৰী দোকানৰ পৰা জুইৰ সুত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে।

লগতে পঢ়কঃ 93 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

লক্ষণীয় যে সেই সময়ছোৱাত যোগীজান উপ আৰক্ষী চকীৰ বিষয়াগৰাকীক অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰিবলৈ স্থানীয় ৰাইজে কেইবাবাৰো ফোন কৰাৰ পাছতো বিষয়াজনে সহাৰি নিদিয়াত বিষয়াজনৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে । সমান্তৰালভাৱে অগ্নিনির্বাপক বাহিনীৰ গাড়ীও জুই নুমোৱাৰ পাছত উক্ত স্থানত উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.