ETV Bharat / state

আৰক্ষীৰ দুৱাৰে দুৱাৰে 'ব্ৰইলাৰ’ ; কিন্তু কিয় ?

author img

By

Published : Aug 24, 2021, 7:50 PM IST

নগাঁও কাৰাগাৰৰ পৰা পোনে পোনে হোজাই আৰক্ষীৰ জিম্মালৈ ব্ৰইলাৰ ৷ এটা সময়ত নগাঁও আৰু হোজাই জিলাৰ Most Wanted আছিল এই ব্ৰইলাৰ ৷

marathon interrogation of Broiler by  Hojai police
নগাঁও কাৰাগাৰৰ পৰা হোজাই আৰক্ষীৰ জিম্মাত 'ব্ৰইলা'ৰ

হোজাই, 24 আগষ্ট : নগাঁৱত ত্ৰাসৰ সৃষ্টি কৰা ব্ৰইলাৰ এইবাৰ হোজাই আৰক্ষীৰ জিম্মাত ৷ এটা সময়ত নগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি আছিল এই ব্ৰইলাৰ ৷ কেইদিনমান পূৰ্বে ব্ৰইলাৰক গ্ৰেপ্তাৰ কৰিছিল নগাঁৱৰ আনন্দ মিশ্ৰৰ আৰক্ষী বাহিনীয়ে ৷

ইয়াৰ পাচতে নগাঁও আৰক্ষীয়ে কেইবাদিন ধৰি জেৰা চলোৱাৰ পিছত আদালতত হাজিৰ কৰি ব্ৰইলাৰক প্ৰেৰণ কৰিছিল জেললৈ । সেই ব্ৰইলাৰক জেলৰ পৰাই এইবাৰ 4 দিনৰ জিম্মাত লৈছে হোজাই আৰক্ষীয়ে ৷ আপুনি হয়টো এতিয়াও ভাৱি আছে কোন এই ব্ৰইলাৰ ?

ব্ৰইলাৰ হৈছে এটা দুধৰ্ষ ডকাইত ৷ নগাঁও আৰু হোজাই জিলাৰ Most Wanted তথা দুধৰ্ষ ডকাইত ব্ৰইলাৰৰ প্ৰকৃত নাম হৈছে ইজ্জত আলী ৷ ইজ্জত আলী নগাঁও জিলাৰ অধিকাংশ লোকৰ মাজত ব্ৰইলাৰ নামেৰেই পৰিচিত ৷

লগতে পঢ়ক: অসম-মেঘালয় সীমান্তত খাচী লোকৰ উপদ্ৰৱ: ভাঙি চুৰমাৰ অসম আৰক্ষীৰ শিবিৰ

ব্ৰইলাৰ ওৰফে ইজ্জত আলীয়ে চাইদুল ইছলাম নামৰ আন এগৰাকী লোকৰ সহযোগত নগাঁৱত কেইবাটাও ডকাইতি কাণ্ড সংঘটিত কৰি এক ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ কেৱল নগাঁৱতে নহয়, হোজাই জিলাৰ বিভিন্ন প্ৰান্ততো সংঘটিত কৰিছিল কেইবাটাও ডকাইতি কাণ্ড ৷ ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগতে নগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল এই দুই দুধৰ্ষ ডকাইত ৷

শেহতীয়াকৈ হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত নগাঁও জিলা কাৰাগাৰৰ পৰা ব্ৰয়লাৰ সহ আনজন অপৰাধীক 4 দিনৰ বাবে হোজাই থানাৰ টাউন উপ পৰিদৰ্শক(TSI) বদন বৰাই নিজৰ জিম্মাত লৈছে ৷ হোজাই থানাৰ টাউন উপ পৰিদৰ্শক গৰাকীয়ে সদৰি কৰা মতে, হোজাইত ২০১৯ আৰু ২০২০ চনত পিষ্টল দেখুৱাই সংঘটিত কৰা দুটাকৈ ডাকাইতি কাণ্ডৰ জেৰা চলাবলৈয়ে ব্ৰইলাৰ আৰু চাইদুল ইছলামক জিম্মাক লৈছে হোজাই আৰক্ষীয়ে ৷

বৰ্তমান উক্ত ঘটনাৰ সন্দৰ্ভত এই দুই অপৰাধীক মাৰাথন জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে ৷ ইয়াৰ লগতে উক্ত ডকাইতি কাণ্ডৰ সন্দৰ্ভত বহু তথ্য লাভ কৰাৰ আশা প্ৰকাশ কৰিছে হোজাই থানাৰ টাউন উপ পৰিদৰ্শক গৰাকীয়ে ৷

লগতে পঢ়ক: গোৱাত ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভিৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.