হোজাই, 22 জুন : লামডিঙত বৃদ্ধি পাইছে চোৰাং লোহাৰ ৰমৰমীয়া বেহা ৷ সমান্তৰালকৈ সক্ৰিয় হৈ পৰিছে লামডিং ৰেলৱে সুৰক্ষা বাহিনী ৷ মঙলবাৰে লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং লোহা (Lumding Railway security seized Large quantity of smuggled iron) । পুনৰ লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ চি আই বিৰ দলে লামডিঙৰ কৃষ্ণনগৰত অভিযান চলাই এখন ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং লোহা জব্দ কৰে ৷ এই অভিযানত দুজন লোকক আটক কৰিছে ৰেলৱে সুৰক্ষা বাহিনীৰ চি আই বিৰ দলে ৷
লামডিং কৃষ্ণ নগৰৰ পৰা AS 09 8647 নম্বৰৰ ট্ৰাকখনত কঢ়িয়াই আনিছিল এই বৃহৎ পৰিমাণৰ ৰেলৱেৰ চোৰাং লোহা ৷ ৰেলৱে সুৰক্ষাবাহিনীয়ে অব্যাহত ৰাখিছে ইয়াৰ তদন্ত ৷ চোৰাং লোহাৰ ব্যৱসায়ীৰ লগত কোন কোন জড়িত আছে তাৰো তদন্ত চলাই আছে ৰেলৱে সুৰক্ষাবাহিনীৰ দলটোৱে ৷
উল্লেখ্য যে, বিগত কিছুমাহ পূৰ্বে লামডিং ৰেলৱে সুৰক্ষাবাহিনীয়ে লামডিঙত এখন লোহা ভৰ্তি ট্ৰাকসহ এগৰাকী ৰেলৱে অভিযন্তা, ৰেলৱে কৰ্মচাৰী, ৰেলৱে সুৰক্ষা বাহিনীৰ এজন উপ-পৰিদৰ্শকক আটক কৰাৰ লগতে তিনিজন লোকক আটক কৰিছিল ৷ কিন্তু ইয়াৰ পিছতো যেন ক্ষান্ত হোৱা নাই একাংশ চোৰাং ব্যৱসায় ৷ ঠায়ে ঠায়ে অব্যাহত আছে চোৰাং ব্যৱসায়ৰ বেহা ৷
লগতে পঢ়ক: কচুৱাত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ