ETV Bharat / state

ই. টি. ভি. ভাৰতৰ বাতৰিৰ প্ৰভাৱ : যাতায়াত বন্ধ হ'ল লামডিং-লংকা সংযোগী চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ খহি যোৱা অংশৰে

প্ৰশাসনে বন্ধ কৰিলে হোজাই জিলাৰ লংকা-লামডিং সংযোগী চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ খহি যোৱা পথেৰে যাতায়াত ৷ বুধবাৰে ই টি ভি ভাৰতত সবিস্তাৰে প্ৰকাশ হৈছিল ভূমিস্খলনৰ ফলত খহিযোৱা পথটোৰ বাতৰি ৷ বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ সৃষ্টি হৈছিল  লামডিং বনাঞ্চলৰ মাজেৰে ম্যানমাৰ লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত ৷  ফলত প্ৰায় দুশ ফুট পৰ্যন্ত তললৈ খহি পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷

landslide in hojai-lumding highway
author img

By

Published : Sep 26, 2019, 5:05 PM IST

Updated : Sep 26, 2019, 6:23 PM IST

হোজাই, ছেপ্টেম্বৰ 26 : ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ অৱশেষত প্ৰশাসনে বন্ধ কৰিলে হোজাই জিলাৰ লামডিং-লংকা সংযোগী চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ খহি যোৱা পথেৰে যাতায়াত ৷ বুধবাৰে ই টি ভি ভাৰতত সবিস্তাৰে প্ৰকাশ হৈছিল ভূমিস্খলনৰ ফলত খহিযোৱা পথটোৰ বাতৰি ৷

লংকা-লামডিং পথত খহনীয়া

বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ সৃষ্টি হৈছিল লামডিং বনাঞ্চলৰ মাজেৰে ম্যানমাৰ লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত ৷ ফলত প্ৰায় দুশ ফুট পৰ্যন্ত তললৈ খহি পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ কিন্তু প্ৰথমাৱস্থাত দুটা প্ৰকাণ্ড শিল আৰু তেলৰ ড্ৰাম ৰাস্তাৰ মাজত ৰাখিয়েই দায়িত্ব সামৰিছিল প্ৰশাসনে ৷ যাৰ ফলত বৃদ্ধি পাইছিল দুৰ্ঘটনাৰ আশংকা ৷ কিন্তু এই বাতৰি প্ৰকাশৰ পাচতেই এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে হোজাই জিলা প্ৰশাসনে ৷

ঘটনাস্থলী পৰিদৰ্শন কৰি খহনীয়াগ্ৰস্ত পথচোৱাৰে ইতিমধ্যে যাতায়াত বন্ধ কৰি দিছে হোজাই জিলা প্ৰশাসনে ৷ ইয়াৰ ফলত এতিয়া এটা পথেৰেই অহা যোৱা কৰিবলগীয়া হৈছে যানবাহনসমূহ ৷ উল্লেখ্য যে, এইটো পথেৰেই বৰাক উপত্যকাৰ তিনিওখন জিলাৰ গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ যাতায়াত চলি আহিছে ৷ আনহাতে ভাৰতৰ চুবুৰীয়া ম্যানমাৰৰ সৈতেও যোগাযোগ স্থাপন হৈছে এই পথটোৰে ৷ পথচোৱা সম্পূৰ্ণৰূপে মেৰামতি নকৰা পৰ্যন্ত এনেদৰে এটা পথেৰেই যাতায়াত অব্যাহত থাকিব বুলি জনাইছে হোজাই জিলাৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে চাওক :

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ পৰিকল্পিত হত্যাৰ সন্দেহ

Intro:ETV Bharat Assam ৰ বাতৰি প্ৰভাৱ।Body:হোজাই জিলাৰ লামডিং-লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাই পথত ভূমিস্খলন বাতৰি সবিস্তাৰে প্রকাশ কৰা হৈছিল বুধবাৰে | ফলত প্ৰশাসনে বন্ধ কৰি দিছে পথ |

হয় | তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লামডিং -লংকা সংযোগী চাৰিলেন যুক্ত 27 নং ৰাষ্ট্ৰীয় ঘাই পথৰ লামডিং অসংৰক্ষীত বনাঞ্চলৰ মাজত পথত সৃষ্টি হৈছে ভয়ংকৰ ভূমিস্খলন |ফলত
চপৰা চপৰিকৈ খহিছে পকী পথ । দুশ ফুট পৰ্য্যন্ত তললৈ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাই পথছোৱা |
চাৰিলাইন যুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাই পথছোৱা এনেদৰে ভূমিস্খলন হোৱাৰ ফলত যাতায়তৰ বাবে মৰণফান্দলৈ ৰূপান্তৰিত হৈছে ভূমিস্খলন বাতৰি সবিস্তাৰে প্রকাশ কৰা হৈছিল ETV Bharat Assam ত বুধবাৰে |ফলত উক্ত ঘটনা বিবেচনা কৰি হোজাই জিলা প্ৰশাসনে উক্ত ঘটনাৰ বুজ লোৱাৰ লগতে ভূমিস্খলন হোৱা পথছোৱাদি বন্ধ কৰি দিছে যান বাহনৰ যাতায়ত | ফলত এটা পথদিয়েই অহা যোৱা কৰিব লগা হৈছে যান বাহন | উল্লেখ যে, উক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাই পথেদিয়েই বৰাকৰ প্ৰতিখন জিলাৰ পৰা গুৱাহাটীলৈ অহা-যোৱা হোৱাৰ লগতে, ম্যানমাৰ লৈও যোৱা হয় |
খহি যোৱা পথছোৱা সুচাৰুৰূপে মেৰামতি নকৰালৈকে এনেদৰে বন্ধ হৈ থকাৰ লগতে এটা পথদেদিয়ে অহা-যোৱা কৰা হৱ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

BYTE: লামডিং আৰক্ষী ভাৰপাপ্ত বিষয়া / আই চি লামডিং আৰক্ষী চকী।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Sep 26, 2019, 6:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.