হোজাই, 8 জানুৱাৰীঃ বুধবাৰে হোজাই জিলাৰ লংকাত মৰিগাঁৱৰ পৰা অপহৃত এটি 6 বছৰীয়া শিশু উদ্ধাৰ হয় ৷ পাৰিবাৰিক বিবাদৰ বাবে কমৰুল ইছলাম নামৰ লোকজনে শিশুটিক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে শিশুটিৰ পৰিয়ালৰ লোকে ৷
লংকাত উদ্ধাৰ মৰিগাঁৱৰ অপহৃত শিশু অভিযোগ অনুসৰি নাচিফ ৰাইচা নামৰ শিশুটিয়ে নিজ ঘৰত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত লংকাৰ উদালীৰ কমৰুল ইছলাম নামৰ লোকজনে শিশুটিক অপহৰণ কৰি লংকাৰ বামুনগাঁৱত আত্মগোপন কৰি ৰাখিছিল ৷ পাৰিবাৰিক বিবাদৰ বাবে কমৰুল ইছলামে শিশুটিক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত কৰে শিশুটিৰ পৰিয়ালৰ লোকে ৷ তেনে সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হোজাই জিলাৰ লংকাৰ পৰা শিশুটিক উদ্ধাৰ কৰে ৷ ইপিনে অপহৃত শিশুটি আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে অভিযুক্ত কমৰুল ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক - নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে অসমীয়া জাতিক কবৰ দিবলৈ উঠি পৰি লাগিছে !