ETV Bharat / state

হোজাইত কেশৱ মহন্ত(KESHAB MAHANTA)ৰ গুৰুত্বপূৰ্ণ বৈঠক - hojai district hospital

মঙলবাৰে সন্ধিয়া লংকাৰ শংকৰদেৱ নগৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত(KESHAB MAHANTA) । উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ লগতে বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বৈঠক মিলিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী । হোজাইৰ জিলা চিকিৎসালয়ত অক্সিজেন প্ৰকল্প স্থাপন কৰা হ'ব বুলিও মন্তব্য কৰে কেশৱ মহন্তই ।

Keshab Mahanta visited Hojai
হোজাইত উপায়ুক্তৰ কাৰ্যালয়ত কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Jun 16, 2021, 12:04 PM IST

হোজাই, ১৬ জুন : মঙলবাৰে হোজাই জিলাৰ ক'ভিড পৰিস্থিতি(Covid Situatiuon)ৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(KESHAB MAHANTA)ই । মঙলবাৰে সন্ধিয়া তেওঁ লংকাৰ শংকৰদেৱ নগৰত উপস্থিত হয় । হাফলঙৰ পৰা পোনে পোনে হোজাইৰ সদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মিলিত হয় ।

উক্ত আলোচনাত জিলা স্বাস্থ্য বিভাগৰ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া, জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত উপস্থিত থাকে । এই বৈঠকত মহামাৰীৰে মোকাবিলা কৰাৰ বাবে হোজাইৰ জিলাত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয় । আনহাতে, স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জোৰাপুখুৰীস্থিত হোজাই জিলা চিকিৎসালয়ত উপস্থিত হৈ লেবৰেটৰী আৰু ফাৰ্মাচী মুকলি কৰে ।

Keshab Mahanta visited Hojai
হোজাইত উপায়ুক্তৰ কাৰ্যালয়ত কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

চিকিৎসালয়খনৰ আইচিইউ(ICU) কক্ষ নিৰ্মাণ নকৰাকৈয়ে আইচিইউ(ICU) কক্ষ‌ মুকলি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত(KESHAB MAHANTA)ই । জিলা চিকিৎসালয়ত ২০খন আইচিইউ(ICU) বিচনাৰ ব্যৱস্থা কৰাৰ লগতে ১০ টা শিশুৰ বাবে বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । ইপিনে, হোজাইৰ জিলা চিকিৎসালয়ত অক্সিজেন প্ৰকল্প স্থাপন কৰা হ'ব বুলিও মন্তব্য কৰে কেশৱ মহন্তই ।

৫০টা কেন্দ্ৰত দুহাজাৰকৈ প্ৰতিষেধক(VACCINE) প্ৰদানৰ বাবে শীঘ্ৰে হোজাইলৈ নাৰ্চ পঠোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । বৰ্তমান হোজাই জিলাত টীকাকৰণ অভিযানত ৩০টা দল নিয়োজিত হৈ আছে । লগতে প্ৰতিষেধক প্ৰদান কৰা সন্দৰ্ভত তেওঁ কয় যে, গুৱাহাটীত এক-দুই দিনৰ ভিতৰত প্ৰতিদিনে এক লাখ পালি প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হ'ব । গুৱাহাটীত প্ৰায় ৭ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: যোৰহাট আৰক্ষীৰ জালত অক্সিজেন চিলিণ্ডাৰ চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.