হোজাই,22 চেপ্তেম্বৰ: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণ কোনো নতুন ঘটনা নহয় ৷ কিন্তু ৰাজ্যত ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ খবৰ সংগ্ৰহ কৰি ফুৰা ব্যক্তিসকল নিজে খবৰ হৈ প্ৰকাশিত হৈছে সংবাদ মাধ্যমত ৷ হোজাই জিলাৰ উদালীত শেহতীয়াভাৱে সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷
জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কনক দেউৰী নামৰ ৰাজ্যৰ এটা ব্যক্তিগত চেনেলত কৰ্মৰত এগৰাকী সাংবাদিকে ব্যক্তিগত কামৰ প্ৰসংগত এএচ 01 ডিএক্স 3230 নম্বৰৰ বাহনখনেৰে ডিফুৰ পৰা ঘৰলৈ উভটিছিল ৷ আদবাটতে সাংবাদিকগৰাকীক পূৰ্বৰে পৰা খাপ পিটি থকা কোনো দুৰ্বৃত্তৰ এটা দলে সাংবাদিকগৰাকীৰ বাহনৰ প্ৰতি লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰে ৷ আকস্মিকভাৱে হোৱা এই আক্ৰমণত সাংবাদিকগৰাকীৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ উপক্ৰম হয় যদিও কথমপি ৰক্ষা পৰে কনক দেউৰী ৷
উল্লেখ্য যে, উদালী আৰক্ষী চকীৰ পৰা মাত্ৰ পাঁচশ মিটাৰ নিলগত সংঘটিত উক্ত ঘটনাই সমগ্ৰ অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা চৰকাৰৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিয়ে ৷ ঘটনা সংক্ৰান্তত লংকাৰ উদালী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে চাওকঃ ধুবুৰীত আইপিএল ক্ৰিকেটৰ নামত চলিছে জুৱা