হোজাই,30 ডিচেম্বৰঃ বুধবাৰে হোজাই জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাখন দিনযোৰা কাৰ্যসূচীৰে ৰামপুৰ বস্তিৰ মণিপুৰী সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় । আগন্তুক ২০২১ বিধান সভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যি অনুষ্ঠিত হোৱা অন্তিমটো কাৰ্যনিৰ্বাহক সভাত হোজাই জিলাৰ প্ৰভাৰী জয়ন্তমল্ল বৰুৱা, প্ৰাক্তন ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন বিধায়ক সুশীল দত্তসহ জিলা বিজেপিৰ সকলো কৰ্মকতা উপস্থিত থাকে ।
সভাৰ মাজতে সাংবাদিকৰ সৈতে মুখামুখি হোৱাত জয়ন্ত মল্ল বৰুৱাই বদৰুদ্দিন আজমলক তুলাধুনা দি কয় যে, বদৰুদ্দিন আজমল আৰু তেওঁৰ লগত থকা লোকসকল অসমৰ সমাজ জীৱনৰ বাবে প্ৰত্যাহ্বান । অসমীয়াক গ্ৰাস কৰিব বিচৰা লোক আজমলৰ লগত আছে । ইপিনে বদৰুদ্দিনৰ প্ৰত্যাহ্বান নিঃশেষ কৰিবলৈ বিজেপিয়ে সদায় কাম কৰি যাব বুলি মন্তব্য কৰে জয়ন্তমল্ল বৰুৱাই ।
ইয়াৰ উপৰি জয়ন্তমল্ল বৰুৱাই নতুন আঞ্চলিক দল AJP ৰ সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপিয়ে এই দলক গুৰুত্ব নিদিয়ে । আন দলত ঠাই বনাব নোৱাৰা নেতাহে আছে এই দলত । এই দল আঞ্চলিকতাবাদী দল নহয় । AJP ৰ নেতা প্ৰবীণ ডেকা, জগদীশ ভূঞাই নাজানে জাতীয়তাবাদী কাক কয় । ৰাজনৈতিক ভাৱে অনভিজ্ঞ AJP ৰ দলৰ প্ৰাৰ্থী সকলে এহাজাৰতকৈ কম ভোট পাব বুলিও মন্তব্য কৰা দেখা যায় জয়ন্তমল্ল বৰুৱাক ।