ETV Bharat / state

হোজাইৰ তিনিটা সমষ্টিত জল জীৱন মিছন আঁচনিৰ উদ্বোধন - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

হোজাইৰ তিনিটা সমষ্টিত দেওবাৰে জল জীৱন মিছন আঁচনি (Jal Jeevan Mission Scheme)ৰ উদ্বোধন কৰা হয় ৷ স্থানীয় বিধায়কসকল তথা উপায়ুক্তৰ উপস্থিতিত আঁচনিখন উদ্বোধন কৰা হয় ৷

jal jeevan mission scheme launched in hojai District
হোজাইৰ তিনিটা সমষ্টিত জল জীৱন মিছন আঁচনিৰ উদ্বোধন
author img

By

Published : Aug 1, 2021, 11:17 AM IST

হোজাই, 1 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো (Hojai District) দেওবাৰে মুকলি কৰা হয় জল জীৱন মিছন আঁচনি (Jal Jeevan Mission Scheme) ৷ হোজাইৰ তিনিটা সমষ্টিত জল জীৱন মিছন আঁচনিৰ শুভ উদ্বোধন কৰা হয় ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হোজাই সংমণ্ডলৰ অন্তৰ্গত যমুনামুখৰ ভেদৌআটি ,হোজাইৰ উত্তৰ গোলাঘাটীয়া বস্তি আৰু লামডিং পুৰণি কাকীৰ জলজীৱন পানী যোগান আঁচনিখন উদ্বোধন কৰা হয়।

যমুনামুখৰ ভেদৌআটিৰ আঁচনিখন সমষ্টিটোৰ বিধায়ক চিৰাজউদ্দীন আজমলে (MLA sirajuddin Ajmol) শুভ উদ্বোধন কৰে ৷ ঘৰে ঘৰে বিশুদ্ধ পানী পোৱাকৈ আঁচনিখন ৰাইজৰ বাবে উচৰ্গা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিধায়কগৰাকীয়ে । একেদৰে লামডিং সমষ্টি (Lamding Constituency)ৰ পুৰণি কাকীৰ আঁচনিখনো বিভাগীয় বিষয়া বিকাশ কলিতা ,অভিযন্তা অমলচন্দ্ৰ ভাগৱতীৰ উপস্থিতিত স্থানীয় বিজেপি বিধায়ক শিবু মিশ্ৰই (MLA Sibu Mishra) ৰাইজৰ বাবে শুভ উদ্বোধন কৰে ৷ আঁচনিখনৰ জৰিয়তে বৃহত্তৰ গাঁওবাসীয়ে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী লাভ কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

হোজাইৰ তিনিটা সমষ্টিত জল জীৱন মিছন আঁচনিৰ উদ্বোধন

লগতে পঢ়ক- ধেমাজিত জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভণি

ইপিনে হোজাই সমষ্টি (Hojai Constituency) ৰ উত্তৰ গোলাঘাটীয়া বস্তিৰ আঁচনিখন বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু উপায়ুক্ত সাদনেক সিঙে উদ্বোধন কৰে ।

জিলাখনত জলজীৱন আঁচনিৰ জৰিয়তে ২১ হাজাৰ লক্ষ্য বান্ধি লোৱা হৈছে ৷ ইয়াৰ ভিতৰত ৩৩ শতাংশ সম্পূৰ্ণ কৰা হৈছে সেইমতে সমগ্ৰ অসমৰ ভিতৰত হোজাই জিলাই দ্বিতীয় স্থান দখল কৰি আছে ৷ আগন্তক দিনত প্ৰথম স্থান দখল কৰাৰ লক্ষ্যৰে কাম কৰি যাব বুলি উপায়ুক্তই মন্তব্য কৰে ।

উল্লেখ্য যে, অসমত এই মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 26 হাজাৰ কোটি টকা মুকলি কৰি দিছে ৷ চৰকাৰী তথ্য মতে,2019 চনৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোনৰ আঁচনিখনৰ জৰিয়তে 2024 চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব ৷ শনিবাৰৰ দিনটোতো ৰাজ্যৰ কেইবাখনো জিলাত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয় জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি ৷

লগতে পঢ়ক- 'জল জীৱন মিছন' আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে ৰণজিৎ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.