ETV Bharat / state

কাকী বনাঞ্চলত বনজ সম্পদ খননৰ অবৈধ বেহা - কাকী বন বিভাগ

হোজাই জিলাৰ বন বিভাগৰ ছত্ৰছায়াত কাকী বনাঞ্চলত বনজ সম্পদ খননৰ অবৈধ বেহা অব্যাহত ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অসাধু চক্ৰই জেচিবি ব্যৱহাৰ কৰি দিনে-নিশাই ট্ৰেক্টৰেৰে ৰাৱিজ সৰবৰাহ কৰাৰ অভিযোগ তুলিছে সচেতন মহলে ৷

illegal-mining-of-forest-resources-in-kaki-forest
কাকী বনাঞ্চলত বনজ সম্পদ খননৰ অবৈধ বেহা
author img

By

Published : Jun 1, 2021, 8:38 PM IST

হোজাই, 1 জুন : কাকী বনাঞ্চলত অব্যাহত আছে বনজ সম্পদ খননৰ অবৈধ বেহা ৷ হোজাই জিলাৰ বন বিভাগৰ ছত্ৰছায়াত পাহাৰ খনন কৰি অবৈধভাৱে ৰাৱিজ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কাকী বনাঞ্চলৰ মৰমী চেন্টাৰ, বালিপথাৰ, বগাপানী, বনগাঁও আদি অঞ্চলত বনবিভাগৰে মিলি ৰাৱিজৰ অবৈধ খনন ।

কাকী বনাঞ্চলত বনজ সম্পদ খননৰ অবৈধ বেহা

জিলাখনৰ দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনস্থ কাকী বন বিভাগৰ এলেকাধীন কাকী বনাঞ্চলত অব্যাহত আছে এই বনজ সম্পদ খননৰ অবৈধ বেহা । শেহতীয়াকৈ বনাঞ্চলখনৰ মৰমী চেন্টাৰ, বালিপথাৰ, বনগাঁও, বগাপানী আদি অঞ্চলত বনবিভাগৰ ছত্ৰছায়াত একাংশ বনজ সম্পদ লুণ্ঠনকাৰীয়ে অবাধে পাহাৰ খনন কৰি ৰাৱিজৰ ৰমৰমীয়া বেহা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কাকী বনবিভাগৰ অধীনস্থ বিভিন্ন এলেকাত বিশেষকৈ টিলাবজাৰ, দুহেজাৰ বিঘা আদি অঞ্চলত দীৰ্ঘদিনৰ পৰা বনবিভাগৰে মিলি অসাধু চক্ৰই অবৈধভাৱে ৰাৱিজ সৰবৰাহ কৰি অহাৰ বহু অভিযোগ আছে । এনে সময়তে বনাঞ্চলৰ পৰা জনাঞ্চলত পৰিণত হোৱা অঞ্চলটোৰ পাহাৰসমূহত পুনৰ জেচিবি ব্যৱহাৰ কৰি দিনে-নিশাই ট্ৰেক্টৰেৰে ৰাৱিজ সৰবৰাহত উঠি-পৰি লাগিছে বনজ সম্পদ ধ্বংসকাৰী অসাধু চক্ৰ ।

লগতে পঢ়ক : চাবুৱাত নিৰ্মাণ হ’বলগীয়া ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.