ETV Bharat / state

হোজাইত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত আৰক্ষীৰ - মৃতদেহ উদ্ধাৰ

বিগত শুকুৰবাৰে হোজাই জিলাৰ ওৱাৰীগেডিং অঞ্চলত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অব্যাহত আছে চেপা উত্তেজনা ৷ ফৈজুল হক নামৰ ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাত জড়িতৰ সন্দেহত দুগৰাকী লোকক আটক কৰি অব্যাহত ৰাখিছে সোধ-পোচ ৷

Hojai Wariding deadbody recovered follow up assam etv bharat news
হোজাইত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত আৰক্ষীৰ
author img

By

Published : Aug 11, 2020, 6:50 PM IST

হোজাই,11 আগষ্ট: বিগত কিছুদিন পূৰ্বে হোজাইৰ ওৱাৰীগেডিং গাঁৱৰ ৰে’লপথৰ দাঁতিত উদ্ধাৰ হৈছিল এক অচিনাক্ত মৃতদেহ ৷ এখন নম্বৰ প্লেটবিহীন মটৰ চাইকেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল উক্ত মৃতদেহটো ৷ অঞ্চলটোৰ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ পিছত মৃতদেহটো ফৈজুল হকৰ বুলি চিনাক্ত কৰে ৷

হোজাইত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত আৰক্ষীৰ

পূব কাণ্ডুলিমাৰীৰ বাসিন্দা উক্ত ব্যক্তিগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে ৷ ইফালে এই ঘটনা লগত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে জড়িত থকাৰ সন্দেহত দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে যোগিজান আৰক্ষী চকীত দাখিল কৰিছিল এক এজাহাৰ ৷ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ব্যক্তি দুগৰাকীক আটক কৰি অব্যাহত ৰাখিছে সোধ-পোচ ৷ ফৈজুল হকৰ পৰিয়ালবৰ্গই ঘটনা সন্দৰ্ভত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷

লগতে চাওকঃ নলবাৰীত মুক্তি যুঁজাৰুক সম্বৰ্ধনা জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.