ETV Bharat / state

লংকাত অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য - লংকা

এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ লংকাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ 13 ডিচেম্বৰৰ নিশা পাৰিবাৰিক কন্দলৰ বাবে স্বামীয়ে পত্নীক জ্বলাই দিয়াৰ সন্দেহ পত্নীৰ পৰিয়ালৰ । 9 দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে মামণি সোমে ৷

Hojai Suspected Murder.
লংকাত অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
author img

By

Published : Dec 23, 2019, 4:34 PM IST

হোজাই, 23 ডিচেম্বৰ : লংকাত এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । 13 ডিচেম্বৰৰ নিশা পাৰিবাৰিক কন্দলৰ বাবে স্বামীয়ে পত্নীক জ্বলাই দিয়াৰ সন্দেহ পত্নীৰ পৰিয়ালৰ লোকৰ । 9 দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুক আঁকোৱালি ল'লে মামণি সোমে ৷ এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ মামণিৰ পৰিয়ালৰ । উল্লেখ্য যে, পত্নীক বিবাহৰ পাছৰে পৰা শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী সঞ্জিত সোমে ৷ গাত কেৰাচিন ঢালি মামণিক হত্যা কৰিছে বুলি অভিযোগ পৰিয়ালৰ লোকৰ ।

13 ডিচেম্বৰৰ নিশা অগ্নিদগ্ধ হোৱা মামণিৰ পৰিয়ালক অৱগত নকৰাকৈয়ে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিছিল । পৰবৰ্তী সময়ত স্থানীয় লোকৰ পৰা জ্ঞাত হৈ মামণিৰ পৰিয়ালৰ লোক চিকিৎসালয়ত উপস্থিত হৈছিল । মামণি সোমৰ পৰিয়ালৰ লোকে স্বামী সঞ্জিতৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰে ।

লংকাত অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

আৰু পঢ়ক : এবছৰীয়া কন্যা সন্তানক লৈ চলন্ত ৰে'লৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা

Intro:হোজাই জিলা লংকাত এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ সৃষ্টি ৰহস্যৰ।Body:হোজাই জিলা লংকাত এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ সৃষ্টি ৰহস্যৰ। ৯ দিন চিকিৎসালয়ত মৃত্যুৰে যুঁজি মৃত্যু মামনি সোম নামৰ বোৱাৰীগৰাকীৰ।পাৰিবাৰিক কন্দলৰ বাবে ১৩ডিচেম্বৰৰ নিশা স্বামীয়ে জ্বলাই দিয়াৰ সন্দেহ পত্নীক।

অগ্নিদগ্ধ এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হোজাই জিলা লংকাত সৃষ্টি হৈছে ৰহস্যৰ। পাৰিবাৰিক কন্দলৰ বাবেই যোৱা ১৩ডিচেম্বৰৰ নিশা স্বামীয়ে জ্বলাই দিয়াৰ সন্দেহ লংকাৰ ১নং পিপলপুখুৰীৰ মামনি সোম নামৰ বোৱাৰীগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হৈছে এই ৰহস্যৰ। ৯ দিন চিকিৎসালয়ত মৃত্যুৰে যুঁজি অৱশেষত কৰুণ মৃত্যুক আঁকোৱালি লোৱা মামণিৰ মৃত্যুক সহজভাৱে লোৱা নাই মামণিৰ পিতৃ পৰিয়ালে।এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে মামণিৰ পৰিয়ালে।গাত কেৰাচিন তেল ঢালি মামণিক হত্যা কৰাৰ অভিযোগ উঠিছে।উল্লেখ্য যে,বিবাহৰ পাছৰে পৰা শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই অহা স্বামী সঞ্জিত সোমে ১২ডিচেম্বৰৰ দিনা এক বৈবাহিক অনুষ্ঠানত শহুৰেকৰ ঘৰৰ পৰা স-পত্নীৰে সৈতে লংকাৰ নিজ ঘৰলৈ অহাৰ পৰৰ্ৱতী দিনটোতেই ১৩ডিচেম্বৰৰ নিশা পত্নী মামনি অগ্নিদগ্ধ হয়।কিন্ত এই ঘটনাৰ বিষয়ে মামনিৰ পৰিয়ালক অৱগত নকৰাকৈয়ে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিছিল।এইবিষয়ে অকনোৱেই অৱগত হোৱা নাছিল মামণিৰ পৰিয়ালটো।পাছত স্থানীয় লোকৰ পৰা জানিব পাৰিহে মামণিৰ পৰিয়ালৰ লোকে উপস্থিত হৈছিল চিকিৎসালয়ত। ইতিমধ্যে, মামনি সোমৰ পৰিয়ালৰ লোকে স্বামী সঞ্জিতৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.