ETV Bharat / state

I-DAY preparations: স্বাধীনতা দিৱসৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত মহকুমাধিপতি লাচিত কুমাৰ দাসৰ সংবাদমেল - শিল্প ফলকম

হোজাইৰ শংকৰদেৱ নগৰস্থিত মহকুমাধিপতিৰ সভাকক্ষত সংবাদমেল মহকুমাধিপতি লাচিত কুমাৰ দাসৰ ৷

hojai Sub-Divisional Magistrate press meet
সংবাদমেল
author img

By

Published : Aug 10, 2023, 9:36 PM IST

সংবাদমেল

হোজাই, 10 আগষ্ট : হোজাইৰ শংকৰদেৱ নগৰস্থিত মহকুমাধিপতিৰ সভাকক্ষত সংবাদমেল মহকুমাধিপতি লাচিত কুমাৰ দাসৰ । আগন্তুক ১৫ আগষ্টৰ কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল মহকুমাধিপতিৰ । তেওঁ কয় যে, আজাদী কা অমৃত মহোৎসৱৰ সামৰণি স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৰা হ’ব ।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে বিভিন্ন কাৰ্যসূচী ল’বলৈ দিছে । হোজাই জিলাত বিভিন্ন কাৰণত প্ৰাণ আহুতি দিয়া ৮ গৰাকী ব্যক্তিক বীৰ হিচাপে গ্ৰহণ কৰা হৈছে আৰু তেওঁলোকৰ ঘৰে ঘৰে গৈ শ্ৰদ্ধাঞ্জলি দিয়া হ’ব ।

দৰাচলতে বৃহস্পতিবাৰৰ পৰা হোজাইত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চৰকাৰী কাৰ্যসূচী আৰম্ভ হৈছে । বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয়সমূহত উক্ত কাৰ্যসূচী অনুষ্ঠিত হৈছে । উক্ত কাৰ্যসূচী ১৫ আগষ্টলৈকে চলিব ।

কাইলৈ শিল্প ফলকম শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হ’ব, যত বীৰ শ্বহীদসকলৰ স্মৃতিত প্ৰতিটো গাঁও পঞ্চায়তত এটাকৈ শিলাস্তম্ভ বনোৱা হ’ব । হোজাই জিলাৰ ৬৭ টা গাঁও পঞ্চায়ত আৰু ৪ টা পৌৰ সভাৰ সৰ্বমুঠ ৭২ টা শিল্প ফলকমৰ ভিতৰত ৯ টা স্থানত চৰকাৰী বিষয়াকে ধৰি বিধায়কে অনুষ্ঠান অনুষ্ঠিত কৰিব । বাকী ৬১ টা শিল্প ফলকমত ১৩ আগষ্টত অনুষ্ঠান অনুষ্ঠিত হ’ব ।

আনহাতে ১৪ আগষ্ট তাৰিখে হোজাইৰ সমগ্ৰ জিলাখনত প্ৰশাসনৰ ফালৰ পৰা উলিওৱা হ’ব স্বাধীনতা দিৱস উপলক্ষে এক বৃহৎ ৰেলী । যি ৰেলী লামডিঙৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰম্ভ হৈ জিলাখনৰ ইমূৰৰ পৰা সিমূৰলৈ অৰ্থাৎ ৰেংবেঙত পৰিসমাপ্তি ঘটিব । উক্ত ৰেলীত ৯ খন বাছ, ১০০ খন বাইক আৰু সৰু যান বাহানেৰে সৈতে প্ৰায় এক হাজাৰতকৈ অধিক মানুহে অংশগ্ৰহণ কৰিব ।

১৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা অনুষ্ঠান সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মহকুমাধিপতিগৰাকীয়ে । মহকুমাধিপতিগৰাকীৰ অনুৰোধ হোজাই বাসী ৰাইজলৈ যে, ‘সকলোৱে ১৫ আগষ্টলৈকে ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰক । ঘৰত প্ৰতিদিনে উত্তোলন কৰক আৰু সন্ধীয়া ৫ বজাৰৰ লগে লগে নমাই দিয়ক’ ।

লগতে পঢ়ক : Amrit Bharat Station in Hojai: হোজাইত অমৃত ভাৰত ষ্টেচনৰ শিলান্যাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.