হোজাই, ২৫ জুন: মঙলবাৰে হোজাই জিলা ভালুকমাৰীত দিন ডকাইতিৰ ঘটনা । দুজন ব্যক্তিয়ে লংকাৰ ইছলাম বস্তিৰ পৰা সহায় বিচাৰি উঠি আহিছিল নিমাই নন্দী নামৰ ব্যক্তিজনৰ মিনি টাটা মোবাইল গাড়ীত উঠি আহিছিল । পিছে সহায় কৰিবলৈ গৈ বিপদতহে পৰিলগৈ নিমাই নন্দী । ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ ভালুকমাৰী আৰু জোৰাপুখুৰী আহি পাওঁতেই ঘটিল অঘটনটো। সহায় বিচৰাৰ অজুহাতেৰে দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই নিমাই নন্দী নামৰ লোকজনৰ পৰা লুটি নিলে নগদ ১৬ হাজাৰ টকাৰ লগতে মোবাইল আৰু AS-02BC-3892 নম্বৰৰ গাড়ীখনৰ সকলো নথিপত্ৰ |
হোজাইত অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে ১৬ হাজাৰ টকা - অস্ত্ৰধাৰী দুৰ্বৃত্ত
দুজন অচিনাক্ত ব্যক্তিয়ে ইছলাম বস্তিৰ পৰা সহায় বিচাৰি উঠি আহিছিল নিমাই নন্দী নামৰ ব্যক্তিজনৰ গাড়ীত । ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভালুকমাৰী আৰু জোৰাপুখুৰী পাওঁতেই দুই দুৰ্বৃত্তই অস্ত্ৰ দেখুৱাই লুটি নিলে ১৬ হাজাৰ নগদ ধনসহ গাড়ীৰ নথিপত্ৰ ।
হোজাই, ২৫ জুন: মঙলবাৰে হোজাই জিলা ভালুকমাৰীত দিন ডকাইতিৰ ঘটনা । দুজন ব্যক্তিয়ে লংকাৰ ইছলাম বস্তিৰ পৰা সহায় বিচাৰি উঠি আহিছিল নিমাই নন্দী নামৰ ব্যক্তিজনৰ মিনি টাটা মোবাইল গাড়ীত উঠি আহিছিল । পিছে সহায় কৰিবলৈ গৈ বিপদতহে পৰিলগৈ নিমাই নন্দী । ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ ভালুকমাৰী আৰু জোৰাপুখুৰী আহি পাওঁতেই ঘটিল অঘটনটো। সহায় বিচৰাৰ অজুহাতেৰে দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই নিমাই নন্দী নামৰ লোকজনৰ পৰা লুটি নিলে নগদ ১৬ হাজাৰ টকাৰ লগতে মোবাইল আৰু AS-02BC-3892 নম্বৰৰ গাড়ীখনৰ সকলো নথিপত্ৰ |
লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত দিন ডকাইতিৰ ঘটনা | দুৰ্বৃত্তই পিষ্টল দেখুৱাই লুটি নিলে নগদ ১৬ হাজাৰ টকাৰ লগতে মৱাইল আৰু গাড়ীৰ নথিপত্ৰ |নিমাই নন্দী নামৰ ব্যক্তি জনৰ মিনি টাটা মবাইল গাড়ীত লংকাৰ ইছলাম বস্তিৰ পৰা নিজকে গাড়ীৰ চালক আৰু হেন্দিমেন বুলি কৈ কিবা অজুহাত দেখুৱাই উঠি আহিছিল দুই অচিনাক্ত যুৱক | দুই অচিনাক্ত যুৱকে উঠি অহা মিনি টাটা মবাইল গাডীখন ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত চালকৰ আসনত বহি থকা নিমাই নন্দীক গাডীৰ ভিতৰতেই পিষ্টল দেখুৱাই গাড়ী ৰখাই লুটি নিয়ে নগদ ১৬ হাজাৰ টকাৰ লগতে মৱাইল আৰু গাড়ীৰ নথি পত্ৰ | উল্লেখ যে,মিনি টাটা মৱাইল গাডী খন নিমাই নন্দীয়ে লংকাৰ পৰা বৰবহালৈ গৈ থকা অৱস্হাতেই উক্ত ঘটনা সংঘটিত হয় | মিনি টাটা মৱাইল গাড়ীখনৰ নম্বৰ AS 02 BC 3892
| বৰ্তমান ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰা নাই।
BYTE: নিমাই নন্দী/ স্থানীয় লোক।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam