ETV Bharat / state

ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালি - লংকেশ্বৰী হাস্পতাল

ব্যক্তিগত চিকিৎসালয়ৰ নাভুত-নাশ্ৰুত কাণ্ড ৷ আধাতেই অস্ত্ৰোপ্ৰচাৰ সমাপ্ত কৰি অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াই আনিলে ৰোগীক ৷ স্বাস্থ্য মন্ত্ৰী, মানৱ অধিকাৰ আয়োগ,জিলা উপাযুক্তলৈ স্মাৰক পত্ৰ ভুক্তভোগী পৰিয়ালৰ ৷

ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালি
author img

By

Published : Jul 27, 2019, 3:25 PM IST

হোজাই, 27 জুলাই : ভগৱানৰূপী চিকিৎসকৰ নাভুত-নাশ্ৰুত কাণ্ড ৷ এক আশ্চৰ্য্যজনক ঘটনা হোজাইৰ লংকাৰ লংকেশ্বৰী হাস্পতাল তথা ৰিৰ্জাজ চেন্টাৰত ৷ অস্ত্ৰোপ্ৰচাৰৰ বাবে ৰোগীক অস্ত্ৰোপ্ৰচাৰ কক্ষলৈ নি আধা অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাচত দায়িত্ব ল'ব নোৱাৰো বুলি কৈ ওলাই দিলে অস্ত্ৰোপ্ৰচাৰ কক্ষৰ পৰা | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ৫ জুলাই তাৰিখে কাকীৰ বুলন নাথ হাজৰিকাৰ নামৰ এগৰাকী ব্যক্তিৰ হঠাৎ পেটৰ বিষ হোৱাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ভৰ্তি কৰায় লংকাৰ লংকেশ্বৰী হাস্পতালত | ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত ৰোগীগৰাকীক প্ৰথমে প্ৰাথমিক দুই এটা পৰীক্ষা কৰাই পেটত গোল্ড ব্লাডাৰ হৈছে বুলি কৈ ৬ জুলাই তাৰিখ ঠিক কৰে অস্ত্ৰোপ্ৰচাৰৰ বাবে | যদিও 6 জুলাইত অস্ত্ৰোপ্ৰচাৰ কক্ষত ৰোগীগৰাকীক পেটত ফুটা কৰি আধাতেই চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ সমাপ্ত কৰি আৰু দায়িত্ব ল’ব নোৱাৰো বুলি কৈ ৰোগীক পৰিয়ালৰ হাতত চমজাই দিয়ে বুলি অভিযোগ তোলে পৰিয়ালে ৷

ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালি

ইপিনে অস্ত্ৰোপ্ৰচাৰ কৰা চিকিৎসক এজনে ওলোটাইহে ৰোগীৰ পৰিয়ালক চি টি স্কেন কৰিছেনে নাই বুলি প্ৰশ্ন সোধে আৰু চি টি স্কেন যন্ত্ৰ হাস্পতালখনত নোহোৱা হেতুকে আনত কৰি পুনৰ হাস্পতাললৈ ৰোগী গৰাকীক আনিবলৈ নিৰ্দেশ দিয়ে | ইয়াৰ পাচত পৰিয়ালৰ লোক আৰু হাস্পতাল কৰ্তৃপক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ | শেষত ভুক্তভোগী পৰিয়ালৰ লোকে আধা অস্ত্ৰোপ্ৰচাৰ কৰা ৰোগীগৰাকীক গুৱাহাটীৰ এখন উন্নত মানদণ্ডৰ চিকিৎসালয়লৈ লৈ আহে ৷ আৰু তাতেই অস্ত্ৰোপ্ৰচাৰ সম্পূৰ্ণ কৰি ৰোগীক লৈ অহা হয় ঘৰলৈ |

আনহাতে, লংকাস্থিত লংকেশ্বৰী হাস্পতালত ভুক্তভোগী পৰিয়ালৰ লোক উপস্থিত হৈ কৰ্তৃপক্ষৰ লগত কথা পাতিবলৈ চেষ্টা কৰে যদিও টুলুঙা মন্তব্য কৰি হাস্পতালৰ কৰ্তৃপক্ষই পলায়নবাদী মনোভাৱ গ্ৰহণ কৰে | ইয়াৰ পাচতে ৰোগীৰ পৰিয়ালে উচিত বিচাৰৰ দাবীত সামগ্ৰ ঘটনা সন্দৰ্ভত হাস্পতালখনৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী, মানৱ অধিকাৰ আয়োগ আৰু হোজাই জিলা উপায়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে |

Intro:হোজাইৰ ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালী | আধাতেই অস্তোপ্ৰচাৰ সমাপ্ত কৰি OTৰ পৰা উলিয়াই দিয়া হল ৰোগীক | Body:হোজাইৰ ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালী | আধাতেই অস্তোপ্ৰচাৰ সমাপ্ত কৰি OTৰ পৰা উলিয়াই দিয়া হল ৰোগীক | উচিত বিচাৰৰ দাৱীত ভোক্তভোগী পৰিয়ালৰ অসমৰ স্বাহ্য মন্ত্ৰী, মানৱ অধিকাৰ আয়োগ,জিলা উপাযুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

মানৱ সমাজৰ বহু আশা ভাৰসাৰা থল হল চিকিত্সালয় | আৰু সেই চিকিত্সালয়ত থকা এজন এজন চিকিত্সকক মানৱ সমাজে তুলনা কৰে ভগৱান লগত | আৰু
সেই চিকিত্সক সদৃশ ভগৱানেই যদি ৰোগীৰ জীৱনক লৈ হেতালী খেলে আপোনাৰ মোৰ সকলোৰে চকু নিশ্বই কপালত উঠিব | তেনে এক আশ্চৰ্য্যজনক ঘটনা সংঘটিত হল হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী হস্পিতাল ও ৰিৰ্জাজ চেন্টাৰত | ৰোগীক অস্তোপ্ৰচাৰ কোঠাত সোমোৱাই অস্তোপ্ৰচাৰ আধা কৰি দায়িত্ব লৱ নোৱাৰো বুলি অস্তোপ্ৰচাৰ কক্ষৰ পৰা উলিয়াই দিয়া হল পৰিয়ালক | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ৫ জুলাই তাৰিখে কাকীৰ এগৰাকী ব্যক্তি নাম বুলন নাথ হাজৰিকাৰ হঠাৎ পেতৰ বিষ হোৱাত পৰিয়ালৰ লোকে চিকিত্সাৰ বাবে ভৰ্তি কৰাইছিল লংকাৰ লংকেশ্বৰী হস্পিতালত | ব্যক্তিগত খণ্ডৰ চিকিত্সালয়খনত ৰোগীগৰাকীক প্ৰথমে প্ৰাথমিক দুই এটা পৰীক্ষা কৰাই পেটত গোল্ড ব্লাডাৰ হৈছে বুলি কৈ ৬ জুলাই তাৰিখে কৰে অস্তোপ্ৰচাৰ | OT কক্ষ্যত ৰোগী গৰাকীক অস্তোপ্ৰচাৰ বাবে সোমোৱাই পেটত ফুটা কৰি আধাতেই চিকিত্সকে সমাপ্ত কৰে অস্তোপ্ৰচাৰ আৰু দায়িত্ব লৱ নোৱাৰো বুলি পৰিয়ালক চমজাই দিয়ে ৰোগীক | উল্লেখ যে, অস্তোপ্ৰচাৰ কৰা ডাক্টৰৰ এজনে উলুটাই হে ৰোগীৰ পৰিয়ালক C T SCAN কৰিছেনে নাই বুলি প্ৰশ্ন সোধে আৰু C T SCAN যন্ত্ৰ হস্পিতালখনত নাই আৰু আনত কৰি পুনৰ হস্পিতাললৈ ৰোগী গৰাকীক আনিবলৈ নিৰ্দেশ দিয়ে | পিছত পৰিয়ালৰ লোক আৰু হস্পিতালখনৰ কৰ্তৃপক্ষৰ মাজত হয় বাক-বিতন্তা | শেষত ভোক্তভোগী পৰিয়ালৰ লোকে আধা অস্তোপ্ৰচাৰ কৰা ৰোগীক লৈ গুৱাহাটীৰ এখন উন্নত মানদণ্ডৰ চিকিত্সালয়ত চিকিত্সা ও অস্তোপ্ৰচাৰ কৰি সম্পূৰ্ণ ভাৱে সুস্থ কৰাই কাকীৰ নিজ ঘৰলৈ লৈ আহে | আনহাতে, লংকাস্হিত লংকেশ্বৰী হস্পিতালত ভোক্তভোগী পৰিয়ালৰ লোক উপস্থিত হৈ কৰ্তৃপক্ষৰ লগত কথা পাতিবলৈ চেষ্টা কৰে যদিও পুলুঙা মন্তব্য কৰি হস্পিতালৰ কৰ্তৃপক্ষই পলোৱাৰহে চেষ্টা কৰে | এতিয়া প্ৰশ্ন হয়, যদি লংকাৰ লংকেশ্বৰী হস্পিতালখনত অস্তোপ্ৰচাৰৰ আগমূহুত্বত ৰোগীক কৰিবলগীয়া যাৱতীয় আৰু প্ৰয়োজনীয় সা-সৰঞ্জাম নাইয়েই কিয় অস্তোপ্ৰচাৰৰ বাবে ৰোগী গৰাকীক OTত সোমোৱা হৈছিল ?? হস্পিতাল খনৰ মূল উদ্দেশ্য ৰোগীৰ চিকিত্সা নে আন কিৱা ?? পিছত ৰোগীৰ পৰিয়ালে সামগ্ৰীক ঘটনা সন্দৰ্ভত হস্পিতাল খনৰ বিৰুদ্ধে অসমৰ স্বাহ্য মন্ত্ৰী, মানৱ অধিকাৰ আয়োগ আৰু হোজাই জিলা উপায়ুক্তলৈ উচিত বিচাৰৰ দাৱীত একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে |

BYTE: ৰোগীৰ পুত্ৰ |

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.