হোজাই, 26 জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা । হোজাই জিলাতো বৃদ্ধি পাই আহিছে আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ দেওবাৰে পুনৰ হোজাই আৰক্ষীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ তথ্য অনুসৰি,কাকী আৰক্ষী থানাৰ সীমা বিভাগত কৰ্মৰত উমেশ নাথৰ দেহত ধৰা পৰিছে ক'ৰণা পজিটিভ ।
উল্লেখ যে, নিজ ঘৰ মৰিগাঁৱত বানপানী হোৱাত খবৰ লোৱাৰ বাবে কিছুদিনৰ বাবে মৰিগাঁওলৈ আহিছিল বিষয়া গৰাকী ৷ মৰিগাঁৱৰ পৰা উভতি আহি 21 জুলাইৰ পৰাই জ্বৰ-কাঁহত ভুগিছিল বিষয়াগৰাকী ৷
দেওবাৰে 'স্বাৱ' পৰীক্ষাৰ অন্তত কৰ'ণা পজিটিভ আহে বিষয়াগৰাকী ৷ ততালিকে বিষয়াগৰাকীক লংকাৰ ফুলতলী মৰ্ডান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তেওঁৰ লগতে একেটা কোঠাতে থকা দুজন আৰক্ষীক হোম কোৱাৰেন্টাইনৰ ব্যবস্থা কৰিছে প্ৰশাসনে ৷
উল্লেখ্য যে, 25 জুলাইৰ নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 31086 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 23055 গৰাকী ৷ বৰ্তমানেও চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 7951 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 77 গৰাকী ৷
লগতে পঢ়ক : ডিফুত পুনৰ 16 গৰাকী লোকৰ দেহত ক'ভিড-19 পজিটিভ