ETV Bharat / state

Drug Peddler Arrested: হোজাইত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

author img

By

Published : Dec 15, 2021, 5:58 PM IST

ৰাজ্যত তীব্ৰতৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ মঙলবাৰে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰে ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক (Murazar Police arrested three drug peddler) ৷

Drug Peddler Arrested
হোজাইত ড্ৰাগছসসহ গ্ৰেপ্তাৰ তিনি

হোজাই, 15 ডিচেম্বৰ : হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা দুখন গাড়ীসহ ৭ টা কণ্টেইনাৰ, চাৰিটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় (Hojai Police arrested three drug peddler)।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইজন হৈছে ডবকা সূতাৰপাৰাৰ চাহাবউদ্দিন আলী, আলাউদ্দিন আলী আৰু হালধিআটী গাঁৱৰ আব্দুল মতিন । মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে, গোপন তথ্যৰ ভিত্তিত এগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বত হোজাই জিলাৰ চাৱাজপুৰ অঞ্চলত অভিযান চলায় আৰক্ষীৰ এটা দলে ।

হোজাইত ড্ৰাগছসসহ গ্ৰেপ্তাৰ তিনি

অভিযানৰ সময়ত দুখন বাহনত তালাচী চলাই সন্দেহজনক ব্ৰাউন ছুগাৰভৰ্তি ৭ টা কণ্টেইনাৰ জব্দ কৰে । লগতে এন এল ০৭ চি এ ৮৬৪৫ নম্বৰৰ এখন বিলাসী বাহন আৰু এ এছ ২৫ চি চি ৮৫৯৯ নম্বৰৰ এখন টাটা ম'বাইল ট্ৰাক অভিযানকাৰী দলটোৱে জব্দ কৰে ।

সৰবৰাহকাৰীকেইজনে ডিমাপুৰৰ পৰাই নিশা ড্ৰাগছখিনি আনি পুৱা হস্তান্তৰ কৰাৰ অৱস্থাতে আৰক্ষীয়ে আটক কৰে । বৰ্তমান মোৰাঝাৰ আৰক্ষীয়ে সৰবৰাহকাৰী তিনিজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Drug seized in Nagaon: মহিলাসহ আটক 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.