ETV Bharat / state

হোজাইত বাঁহেৰে হানি-খুচি পুত্ৰক হত্যা কৰিলে পিতৃয়ে

author img

By

Published : Feb 11, 2021, 6:59 PM IST

হোজাইত হৃদয়হীন পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ । নৃশংসভাৱে পুত্ৰক বাঁহেৰে হানি-খুচি হত্যা কৰিলে নিষ্ঠুৰ পিতৃয়ে । আৰক্ষীৰ জালত পুত্ৰহন্তা পিতৃ মনমোহন মজুমদাৰ ।

হোজাইত হৃদয়হীন পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ

হোজাই, ১১ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে হোজাইত সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড । পাৰিবাৰিক কন্দলেই কাল হ'ল হোজাইৰ হাতীমূৰা গাঁৱৰ ব্ৰজেন মজুমদাৰৰ বাবে । পিতৃ মনমোহন মজুমদাৰে বাঁহেৰে হানি-খুচি হত্যা কৰিলে পুত্ৰ ব্ৰজেন মজুমদাৰক । হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুত্ৰহন্তা পিতৃ মনমোহন মজুমদাৰক । আৰক্ষীৰ জেৰাত পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰে মনমোহনে ।

আৰক্ষীয়ে ব্ৰজেন মজুমদাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । সম্প্ৰতি হোজাই থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে হত্যাকাৰী মনমোহন মজুমদাৰৰ । পুত্ৰ ব্ৰজেন মজুমদাৰৰ সৈতে পাৰিবাৰিক সংঘাত হোৱাৰ পিছতে হিতাহিত জ্ঞান হেৰুৱাই নৃশংসভাৱে পিতৃ মনমোহনে নিজ পুত্ৰক হত্যা কৰে । এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃ্ষ্টি হৈছে ।

লগতে পঢ়ক:শিল-বালিৰ অবৈধ খনন : চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.