ETV Bharat / state

হোজাইত প্ৰশাসনৰ উচ্ছেদ অভিযান - কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ

কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ পৰা জিলাখনক সুৰক্ষিত কৰিবলৈ লংকা ৰাজহ চক্ৰ বিষয়া , লংকা আৰক্ষী প্ৰশাসন আৰু লংকা পৌৰ সভাই যৌথভাৱে লংকা পিয়লি বজাৰৰ উপৰিও বজাৰখনৰ বিভিন্ন স্থানত থকা পদপথৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলায় ৷

HOJAI
হোজাই
author img

By

Published : Jun 26, 2020, 8:36 PM IST

হোজাই, 26 জুন : শুকুৰবাৰে হোজাই জিলাৰ অন্তৰ্গত লংকাৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলাই জিলা প্ৰশাসনে ৷ সামাজিক দূৰত্ব নামানি আৰু মাস্ক ব্যৱহাৰ নকৰাকৈ দোকান খোলাৰ লগতে একাংশ গ্ৰাহকে দোকানসমূহত ভিৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলাই প্ৰশাসনে ৷ কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ পৰা জিলাখনক সুৰক্ষিত কৰিবলৈ লংকা ৰাজহ চক্ৰ বিষয়া , লংকা আৰক্ষী প্ৰশাসন আৰু লংকা পৌৰ সভাই যৌথভাৱে লংকা পিয়লি বজাৰৰ উপৰিও বজাৰখনৰ বিভিন্ন স্থানত থকা পদপথৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলায় ৷

লগতে পঢ়কঃ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব মহানগৰ আৰক্ষী

উল্লেখ্য যে, একাংশ স্থায়ী ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ সন্মুখৰ পদপথত দোকানৰ বিভিন্ন সামগ্ৰী মোকলাই ঠাই সমূহ আৱদ্ধ কৰি ৰাখে ৷ যাৰ ফলত বজাৰৰ মাজত যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে ভিৰ পৰিলক্ষিত হয় ৷ অভিযান কালত এই সমূহ ব্যৱসায়ী বিৰুদ্ধে জৰিমনামূলক ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে ৷ একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ এই কাৰ্যত ক্ষুদ্ধ হৈ তৰ্কাতৰ্কিত লিপ্ত হয় ৷ লগতে ব্যৱসায়ীসকলে প্ৰশাসনক এটা স্থায়ী সমাধান বিচাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.