হোজাই, 26 ছেপ্তেম্বৰঃ হোজাই জিলাৰ লংকাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভেটি স্থাপনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ লংকা পৌৰসভাৰ তদানিন্তন পৌৰপতি বিজু ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত হৈছে এই দুৰ্নীতিৰ অভিযোগ । উল্লেখ্য যে, লংকাৰ পিয়লি মাৰ্কেটত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে সৰ্বমুঠ ২৯০ টা ভেটি স্থাপনৰ নামত 3ৰ পৰা 5 লক্ষ টকা সংগ্ৰহ কৰাৰ অভিযোগ পৌৰপতিগৰাকীৰ বিৰুদ্ধে ৷
আনহাতে, স্থানীয় ৰাইজে RTIৰ তথ্যৰ ভিত্তিত হোজাই জিলাৰ উপায়ুক্তক দুৰ্নীতিৰ তদন্তৰ বাবে আবেদন দাখিল কৰিছিল ৷ এই আবেদনৰ ভিত্তিতেই হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক-মাত্ৰ 10টকাৰ বাবে যুৱকৰ গাত ঢালিলে এছিড