হোজাই, 27 নৱেম্বৰঃ হোজাই জিলাৰ কাকী বন বিভাগৰ কাৰ্যালয়ত সুৰাৰ আড্ডা ৷ বন বিভাগটোৰ খণ্ড বন বিষয়া মনোজ শৰ্মাৰ সহযোগত বন কাৰ্যালয়ত সুৰাৰ আড্ডা চলাৰ অভিযোগ উত্থাপন ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কাকী বন বিভাগৰ চকুৰ সন্মুখেৰে দৈনিক চালান বিহীনভাৱে বালিৰ লগতে শিল কঢ়িওৱা গাড়ী অহা যোৱা কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় সচেতন ৰাইজে ৷ কিন্তু তথাপিও অবৈধভাৱে শিল কঢ়িওৱা গাড়ী সমূহৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বন বিভাগে ৷ তাৰোপৰি কাকী বন বিভাগৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়া মনোজ শৰ্মাৰ সৈতে অবৈধ শিল ,বালি ব্যবসায়ীয়ে নিশা দুপৰলৈ বন কাৰ্যালয়ত সুৰাৰ আড্ডা চলাই বুলিও অভিযোগ কৰে সচেতন নাগৰিকসকলে ৷
লগতে পঢ়কঃ কৰিমগঞ্জত ভয়াৱহ অগ্নিকাণ্ডঃ ভষ্মীভূত চাৰিটা ব্যৱসায়িক প্ৰতিষ্ঠান