ETV Bharat / state

হোজাইত ৰাইজৰ ৰোষত স্বয়ম্ভু অনলাইন প্ৰেমিক

হোজাইত অনলাইন প্ৰেমিকৰ বিলৈ ৷ ফোনত কথা পাতি বিয়া কৰোৱাৰ লক্ষ্যৰে আহিছিল হোজাইলৈ ৷ অভিযুক্ত যুৱকজনে ইয়াৰ পূৰ্বেও 7 গৰাকী যুৱতীক প্ৰলোভনৰে বিয়া কৰোৱা বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Sep 13, 2020, 3:40 PM IST

HOJAI FAKE ONLINE LOVER, ONE ARRESTED
হোজাইত ৰাইজৰ ৰোষত স্বয়ম্ভু অনলাইন প্ৰেমিক

হোজাই, 13 ছেপ্তেম্বৰ : অনলাইম প্ৰেম কৰি হোজাইত ৰাইজৰ ৰোষত পৰিল এজন স্বয়ম্ভু প্ৰেমিক ৷ হোজাই জিলাৰ নখুটী 2 নং খাগৰিজানত সংঘটিত হৈছে এই ঘটনা ৷

ভুক্তভোগী যুৱতী

তথ্য অনুসৰি, খাগৰিজানৰ যুৱতী এগৰাকীৰ লগত কিছুদিনৰ পৰা ফোন নম্বৰত চিনাকী হৈ কথা পাতি বিয়া কৰোৱাৰ লক্ষ্যৰে যুৱতীগৰাকীক পলুৱাই নিবলৈ আহিছিল মোৰাঝাৰৰ নৱাইবিল গাঁৱৰ ৰমিজ উদ্দিন নামৰ লোকজনে ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে লোকজনৰ লগত যাবলৈ অমান্তি হোৱাত ৰমিজ উদ্দিন নামৰ লোকজনে যুৱতীগৰাকীৰ লগত অপকৰ্ম কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযুক্তৰ পূৰ্বৰ পত্নী

ইফালে, যুৱতীগৰাকী আৰু ৰমিজ উদ্দিনৰ লগত কথাত তৰ্কাতৰ্কি হোৱাত স্থানীয় লোক আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে লোকজনক আৱদ্ধ কৰি নখুটী আৰক্ষীক গতাই দিয়ে ৷

অভিযুক্ত যুৱক

উল্লেখ্য যে, ভণ্ড প্ৰেমিক ৰমিজ উদ্দিনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছিল বহুতো অভিযোগ ৷ ইয়াৰ পূৰ্বেও ৰমিজ উদ্দিনে 7 সাত গৰাকী যুৱতীক বিয়া কৰাই বৰ্তমান 4 গৰাকী যুৱতীক নিজৰ লগত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কৰ’ণামুক্ত হোৱাৰ এসপ্তাহ পাছতে পুনৰ এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.